নতুন মন্ত্ৰীসকলৰ সৈতে নিজ বাসগৃহত প্ৰথমখন বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; চাওক মন্ত্ৰীবৰ্গৰ সম্পূৰ্ণ তালিকা

ফটোঃ সংগ্ৰহীত।

সোমবাৰে বিয়লি ৭২ জন সদস্যৰে মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিজেপিৰ সূত্ৰ অনুসৰি সোমবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নতুন মন্ত্ৰীসভাৰ সকলো সদস্যকে বৈঠকত হাজিৰ হ’বলৈ কোৱা হৈছে। দিল্লীৰ লোক কল্যাণ মাৰ্গত মোডীৰ বাসগৃহত অনুষ্ঠিত হ’ব এই বৈঠক।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে দেওবাৰে পুৱা মোদীয়ে নিজৰ বাসগৃহত চাহ-মেলৰ আয়োজন কৰে। সূত্ৰসমূহৰ মতে, পূৰ্বৰ নিশা কেইবাজনো নেতাক ফোনযোগে তালৈ নিমন্ত্ৰণ কৰা হৈছিল। চাহ মেললৈ যিসকলক নিমন্ত্ৰণ কৰা হৈছিল তেওঁলোকেই মন্ত্ৰীসভাৰ সম্ভাৱ্য সদস্য বুলি ভবা হৈছিল। দেওবাৰে সন্ধিয়া তেওঁলোকক মোডীৰ সৈতে শপত গ্ৰহণ কৰা দেখা গৈছিল। মোডীৰ উপৰিও দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৩০ জনে কেবিনেট মন্ত্ৰী হিচাপে আৰু ৪১ জন লোকে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

লগতে পঢ়কঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে : স্পৰ্শ কৰিলে নেহেৰুৰ অভিলেখ

যদিও ৭২ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে, তথাপিও তেওঁলোকৰ মাজত এতিয়াও দপ্তৰসমূহ বিতৰণ কৰা হোৱা নাই। কোন মন্ত্ৰালয়ৰ দায়িত্ব কোনে ল’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বহুতৰ মতে, সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰীৰ বাসগৃহত আহ্বান কৰা বৈঠকত মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিভাজন সন্দৰ্ভত আলোচনা আৰু সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

ইপিনে, বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই মোডীৰ এই মন্ত্ৰীসভাত স্থান পাইছে। দেওবাৰে মন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে। তেওঁৰ নিযুক্তিৰ ফলত বিজেপিৰ সৰ্বভাৰতীয় সভাপতিৰ পদ খালী হ’বলৈ গৈ আছে। তেওঁৰ পিছত এই দায়িত্ব কোনে পায় সেয়া লক্ষ্যনীয় হৈপৰিছে। বিজেপিৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা নাড্ডাই এই নৈশভোজৰ আয়োজন কৰিছে। নতুন কেবিনেট সদস্যসকলে মোডীৰ বাসগৃহত বৈঠকত মিলিত হ’ব আৰু তেওঁৰ বাসগৃহলৈ গৈ নিশাৰ আহাৰ তাতেই গ্ৰহণ কৰিব।

লগতে পঢ়কঃ মোদীৰ শপত গ্ৰহণৰ মাজতে অঘটন : সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০ তীৰ্থযাত্ৰী, আহত ৩৩ জন

২০২৪ৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকল :

■ কেবিনেট মন্ত্ৰীসকল :

১) নৰেন্দ্ৰ মোদী ( গুজৰাট )

২) ৰাজনাথ সিং ( উত্তৰ প্ৰদেশ )

৩) অমিত শ্বাহ ( গুজৰাট )

৪) শিৱৰাজ সিং চৌহান ( মধ্যপ্ৰদেশ )

৫) মনোহৰ লাল ( হাৰিয়ানা )

৬) এচ জয়শংকৰ ( গুজৰাট, ৰাজ্যসভা )

৭) জে পি নাড্ডা ( হিমাচল প্ৰদেশ, ৰাজ্যসভা )

৮) নীতিন গাডকাৰী ( মহাৰাষ্ট্ৰ )

৯) ধৰ্মেন্দ্ৰ প্ৰধান ( উৰিষ্যা )

১০) নিৰ্মলা সীতাৰমন ( তামিলনাডু )

১১) জীতনৰাম মান্ঝী ( বিহাৰ )

১২) লালন সিং ( বিহাৰ )

১৩) সৰ্বানন্দ সোণোৱাল ( অসম )

১৪) ড° বীৰেন্দ্ৰ কুমাৰ ( মধ্যপ্ৰদেশ )

১৫) কিঞ্জাৰাপু ৰামমোহন নাইডু ( অন্ধ্ৰপ্ৰদেশ )

১৬) প্ৰহ্লাদ ভেংকটেশ যোশী ( কৰ্ণাটক )

১৭) জুৱেল ওৰাম ( উৰিষ্যা )

১৮) গিৰিৰাজ সিং ( বিহাৰ )

১৯) অশ্বিনী বৈষ্ণৱ ( উৰিষ্যা, ৰাজ্যসভা )

২০) জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া ( মধ্যপ্ৰদেশ )

২১) ভূপেন্দ্ৰ য়াদৱ ( ৰাজস্থান )

২২) গজেন্দ্ৰ সিং শেখাৱট ( ৰাজস্থান )

২৩) অন্নপূৰ্ণা দেৱী ( ঝাৰখাণ্ড )

২৪) কিৰেন ৰিজুজু ( অৰুণাচল প্ৰদেশ )

২৫) হৰদীপ সিং পুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )

২৬) ড° মনচুখ মাণ্ডৱিয়া ( গুজৰাট )

২৭) জী কিশন ৰেড্ডী ( তেলেংগানা )

২৮) চিৰাগ পাচৱান ( বিহাৰ )

২৯) চি আৰ পাটিল ( গুজৰাট )

৩০) পীযুষ গোৱেল ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

■ ৰাজ্যমন্ত্ৰী ( স্বতন্ত্ৰ )

৩১) ডাঃ জীতেন্দ্ৰ সিং ( জম্মু কাশ্মীৰ )

৩২) অৰ্জুন ৰাম মেঘৱাল ( ৰাজস্থান )

৩৩) প্ৰতাপ ৰাও গণপত ৰাও যাদৱ ( মহাৰাষ্ট্ৰ )

৩৪) জয়ন্ত চৌধুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )

৩৫) ৰাও ইন্দ্ৰজিৎ সিং ( হাৰিয়ানা )

■ ৰাজ্যমন্ত্ৰীসকল

৩৬) জিতিন প্ৰসাদ ( উত্তৰ প্ৰদেশ )

৩৭) পংকজ চৌধুৰী ( উত্তৰ প্ৰদেশ )

৩৮) কিষণ পাল ( হাৰিয়ানা )

৩৯) ৰামদাস আঠাৱালে ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

৪০) ৰামনাথ ঠাকুৰ ( বিহাৰ, ৰাজ্যসভা )

৪১) নিত্যানন্দ ৰায় ( বিহাৰ )

৪২) অনুপ্ৰিয়া পেটেল ( উত্তৰ প্ৰদেশ )

৪৩) ভি সোমন্না ( কৰ্ণাটক )

৪৪) ড° প্ৰেম্মাচানী চন্দ্ৰশেখৰ  ( অন্ধ্ৰপ্ৰদেশ )

৪৫) এচ পি সিং বাঘেল ( উত্তৰ প্ৰদেশ )

৪৬) শোভা কৰণ্ডলাজে ( কৰ্ণাটক )

৪৭) কীৰ্তিৱৰ্ধন সিং ( উত্তৰ প্ৰদেশ )

৪৮) বনৱাৰী লাল বাৰ্মা ( উত্তৰ প্ৰদেশ )

৪৯) শান্তনু ঠাকুৰ ( পশ্চিমবংগ )

৫০) সুৰেশ গোপী ( কেৰালা )

৫১) শ্ৰীপদ য়েছু নায়িক ( গোৱা )

৫২) ড° এম মুৰুগান ( মধ্যপ্ৰদেশ, ৰাজ্যসভা )

৫৩) অজয় টমটা ( উত্তৰাখণ্ড )

৫৪) বণ্ডী সঞ্জয় কুমাৰ ( তেলেংগানা )

৫৫) কমলেশ পাচোৱান ( উত্তৰ প্ৰদেশ )

৫৬) ভগীৰথ চৌধুৰী ( ৰাজস্থান )

৫৭) সতীশ চন্দ্ৰ ডুবে ( বিহাৰ, ৰাজ্যসভা )

৫৮) সঞ্জয় শেঠ ( ঝাৰখাণ্ড )

৫৯) ৰৱনীত সিং বিট্টু ( পঞ্জাৱ )

৬০) দুৰ্গা দাস উইকে ( মধ্যপ্ৰদেশ )

৬১) ৰক্ষা নিখিল খডছে ( মহাৰাষ্ট্ৰ )

৬২) সুশান্ত মজুমদাৰ ( পশ্চিমবংগ )

৬৩) সাবিত্ৰী ঠাকুৰ ( মধ্যপ্ৰদেশ )

৬৪) টোখন চাহু ( মধ্যপ্ৰদেশ )

৬৫) ড° ৰাজভূষণ চৌধুৰী ( বিহাৰ )

৬৬) ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা ( অন্ধ্ৰপ্ৰদেশ )

৬৭) হৰ্ষদ্বীপ মালহোট্ৰা ( নতুন দিল্লী )

৬৮) নিমুবেন বামভানিয়া ( গুজৰাট )

৬৯) মুৰুলীধৰ মোহুল (  মহাৰাষ্ট্ৰ )

৭০) জৰ্জ কোৰিয়ান ( কেৰালা )

৭১) পবিত্ৰ মাৰ্ঘেৰিটা ( অসম, ৰাজ্যসভা )