• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ বৰাণসীত জংঘলৰাজ : কৰ্তব্যৰত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ গালত চৰ মাৰিলে বিজেপি কাউঞ্চিলৰৰ পুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 9:45 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বৰাণসীত এজন কৰ্তব্যৰত আৰক্ষী উপ-পৰিদৰ্শকক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত হিমাংশু শ্ৰীবাস্তৱ নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত হিমাংশু হুকুলগঞ্জৰ বিজেপি কাউঞ্চিলৰ ব্ৰিজেশচন্দ্ৰ শ্ৰীবাস্তৱৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে সন্ধিয়া চওক থানা এলেকাৰ মণিকৰ্ণিকা ঘাটৰ সমীপত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। চৰকাৰী কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিয়া আৰু শাৰীৰিকভাৱে অপদস্থ কৰাৰ অপৰাধত তেওঁক আৰক্ষীয়ে জিম্মাত লৈছে।

Apply Now

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া তিনিজন যুৱকে এখন বাইকত উঠি মণিকৰ্ণিকা ঘাট এলেকাত উপস্থিত হৈছিল। সেই সময়ত অঞ্চলটোত তীব্ৰ ভিৰ থকাৰ বাবে বাহন চলাচল আৰু পাৰ্কিং নিষিদ্ধ কৰা হৈছিল। কিন্তু যুৱক কেইজনে নীতি-নিয়ম উলংঘা কৰি নো-ভেহিকল জ’নত বাইকখন পাৰ্ক কৰিবলৈ চেষ্টা কৰে। তাত কৰ্তব্যৰত অৱস্থাত থকা উপ-পৰিদৰ্শক অভিষেক ত্ৰিপাঠীয়ে তেওঁলোকক বাইকখন আঁতৰাই নিবলৈ অনুৰোধ জনায়। তেনে সময়তে এজন যুৱকে নিজক কাউঞ্চিলৰৰ পুত্ৰ বুলি পৰিচয় দি আৰক্ষী বিষয়াজনক ওলোটাকৈ ধমকি দিবলৈ আৰম্ভ কৰে।

আৰক্ষী বিষয়াজনে পুনৰ বাইকখন আঁতৰাবলৈ কোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অভিযোগ উঠিছে যে হিমাংশু শ্ৰীবাস্তৱে হঠাতে উত্তেজিত হৈ উপ-পৰিদৰ্শক অভিষেক ত্ৰিপাঠীক ৰাজহুৱাকৈ চৰ মাৰে। এই দৃশ্য দেখি তাত থকা স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰে আৰু অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰি প্ৰহাৰ কৰিবলৈ ধৰে। পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হিমাংশুক উদ্ধাৰ কৰি থানালৈ লৈ যায়।

ডিচিপি গৌৰৱ বনসৱালে জনোৱা মতে, উপ-পৰিদৰ্শকজনৰ ভাষ্যৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি হিমাংশুক গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। প্ৰায় ৪০-৫০ জনীয়া এটা দলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল। আনহাতে হিমাংশুক থানালৈ নিয়াৰ পাছত একাংশ বিজেপি কৰ্মীয়ে থানাৰ সন্মুখত ভিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ৰাইজৰ আক্ৰমণত আহত হোৱা হিমাংশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰাণসী আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd