NORTHEAST NOW (Assamese)

‘যদি মই নামাজ পঢ়ি প্ৰাৰ্থনা কৰোঁ, তাত সমস্যা কি?’: ধৰ্মীয় দৃষ্টিৰে কৰা সমালোচনাক প্ৰত্যুত্তৰ ছামিৰ

December 14, 2023 6:43 pm · এন ই নাও নিউজ, গুৱাহাটী

গত বিশ্বকাপত ভাৰতীয় দল ফাইনেলত পৰাস্ত হৈ ৰাণাৰ্চ আপতে সন্তুষ্ট থাকিলেও সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। ভাৰতৰ ফাইনেল প্ৰৱেশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তাৰকা পেচাৰ মহম্মদ ছামিয়ে।

প্ৰথম চাৰিখন মেচত মূল একাদশত নাথাকিলেও প্ৰত্যাৱৰ্তনৰ পিছতে ছামি হৈ পৰে ভাৰতীয় দলৰ সাফল্যৰ অস্ত্ৰ। প্ৰত্যাৱৰ্তনৰ পিছত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সৰ্বমুঠ ২৪ টা উইকেট দখলেৰে ছামি হৈ পৰিছিল প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী।

পিছে এনে প্ৰদৰ্শনৰ পিছতো ছামিক লৈ একাংশ লোকে সূচনা কৰিছিল এক অনাহুত বিতৰ্কৰ। শ্ৰীলংকাৰ বিৰুদ্ধে লীগ মেচত দুৰন্ত ছামিয়ে দখল কৰিছিল ৫টা উইকেট আৰু তাৰ পিছতে মাটিত বহি পৰিছিল তাৰকা পেচাৰগৰাকী। ইয়াৰ পিছতে সৃষ্টি হৈছিল এক বিতৰ্কৰ।

একাংশ লোকে অৱতাৰণা কৰিছিল এক অপ্ৰত্যাশিত প্ৰশ্ন, ছামিয়ে এইদৰে খেলপথাৰত বহি মুছলমান ধৰ্মীয় কায়দাৰে নামাজ পঢ়িব বিচাৰিছিল নেকি? নে তেওঁ নামাজ পঢ়িবলৈ লৈ ৰ’বলগীয়া হৈছিল? ধৰ্মীয় বিষয় উত্থাপন কৰি এইদৰে এচামে বিতৰ্কত লিপ্ত হৈছিল।

সেই বিতৰ্কৰ প্ৰায় ডেৰ মাহ পিছত অৱশেষত ছামিয়ে নিজেই মুখ মেলিলে বিতৰ্ক সন্দৰ্ভত। একপ্ৰকাৰে তীব্ৰ সমালোচনাৰে বিতৰ্ক সৃষ্টিকাৰীক প্ৰত্যুত্তৰ দিয়ে ছামিয়ে। তেওঁৰ স্পষ্ট প্ৰশ্ন, যদি তেওঁ খেলপথাৰত বহি প্ৰাৰ্থনা কৰিব বিচাৰে তেন্তে তাত কি সমস্যা?

“যদি এই দেশত নামাজ পঢ়াৰ অনুমতি ল’ব লাগে, তেতিয়াহ’লে এই দেশত কিয় থাকিম?”- এই প্ৰশ্ন কৰে ছামিয়ে। তেওঁ লগতে কয়, “যদি মই প্ৰাৰ্থনা কৰিব বিচাৰো, কোনে বাধা দিব পাৰে মোক? ময়ো কোনো লোকক প্ৰাৰ্থনা কৰাত বাধা দিব নোৱাৰো।”

তেওঁ লগতে মুছলমান আৰু ভাৰতীয়- এই দুয়োটা পৰিচয়ক লৈ গৌৰৱান্বিত বুলি মন্তব্য কৰে। মুছলমান হিচাপে এই দেশত নামাজ পঢ়োঁতে কোনো সমস্যাৰ সন্মুখীন হোৱাৰ কথা নাভাৱে বুলি তেওঁ লগতে কয়।

যদি কাৰোবাৰ নামাজত অসুবিধা হয়, তেন্তে তেওঁক ক’ত আৰু কেতিয়া নামাজ পঢ়িব পাৰে সেই কথা কোৱা হওক বুলিও মন্তব্য কৰে ছামিয়ে। মেচখনত ভাগৰুৱা হোৱাৰ বাবে খেলপথাৰত বহি পৰা বুলি উল্লেখ কৰি কোনো কাম নোহোৱা একাংশই ইয়াতে বিতৰ্ক কৰা বুলি তেওঁ কটাক্ষ কৰে।

Related News