NORTHEAST NOW (Assamese)

স্বীকৃতি: মহম্মদ ছামিলৈ অৰ্জুন বঁটা

December 20, 2023 7:51 pm · এন ই নাও নিউজ, গুৱাহাটী

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিনে দাঙি ধৰি অহা প্ৰদৰ্শনৰ স্বীকৃতি লাভ কৰিছে তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামিয়ে। সদ্যসমাপ্ত ক্ৰিকেট বিশ্বকাপত আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত অভিজ্ঞ তাৰকাগৰাকীয়ে লাভ কৰিছে সন্মানীয় অৰ্জুন বঁটা।

আজি কেন্দ্ৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা। মন্ত্ৰালয়ে দেশৰ আন ২৫ গৰাকী খেলুৱৈৰ লগতে মহম্মদ ছামিলৈও সন্মানীয় বঁটা আগবঢ়ায়।

উল্লেখ্য যে, শেহতীয়া বিশ্বকাপত ছামিয়ে মাত্ৰ ৭ ইনিংছত ২৪ টা উইকেট দখল কৰি প্ৰতিযোগিতাখনত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।

লগতে তেওঁ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ হিচাপেও অভিলেখ গঢ়ে। এই অনবদ্য প্ৰদৰ্শনেৰে ছামিয়ে বিশ্বকাপত ভাৰতৰ ফাইনেলত প্ৰৱেশত লৈছিল অগ্ৰণী ভূমিকা।

লক্ষণীয়ভাৱে এই বৰ্ষত অৰ্জুন বঁটাৰ বাবে ঘোষিত ২৬ জন খেলুৱৈৰ ভিতৰত ছামিয়েই হৈছে একমাত্ৰ ক্ৰিকেটাৰ। উল্লেখ্য যে, অৰ্জুন বঁটা হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান।

ইফালে, ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেল ৰত্নৰে ভাৰতৰ তাৰকা বেডমিণ্টন যুটি চিৰাগ শ্বেট্টী আৰু সাতৱিকচৈৰাজ ৰেংকিৰেড্ডীক বঁটা প্ৰদান কৰা হ’ব।

Related News