পুনৰ চৰ্চাত ছামিৰ সংসাৰ! কন্যাৰ নামৰ পৰা ‘ছামি’ উপাধি অঁতৰাই দিলে হাছিন জাহানে

mohammed-shami-hasin-jahan

মহম্মদ ছামি পৰিয়ালৰ সৈতে। ফাইল ফটো।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা পেচাৰ মহম্মদ ছামি আৰু তেওঁৰ পত্নী হাছিন জাহানৰ মাজত সম্পৰ্কৰ আৰু অৱনতি ঘটিছে! এইবাৰ কন্যাৰ নামৰ পৰা ছামিৰ উপাধি অঁতৰাই দিলে পত্নী হাছিনে।

শেহতীয়াকৈ হাছিন জাহানৰ এটা ইনষ্টাগ্ৰাম প’ষ্টক লৈ আৰম্ভ হৈছে নতুন চৰ্চা।

যোৱা ২০১৮ত পত্নী হাছিন জাহানৰ সৈতে মহম্মদ ছামিৰ মাজত সম্পৰ্কৰ ফাট মেলাৰ খৱৰ প্ৰথম পোহৰলৈ আহিছিল।

পত্নী হাছিনে আন মহিলাৰ সৈতে তাৰকা পেচাৰগৰাকীৰ চ্যাটৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগ আনিছিল।

তদুপৰি, হাছিনে ছামিৰ পৰিয়ালৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰো গুৰুতৰ অভিযোগ আনিছিল। পেচাৰগৰাকীৰ বিৰুদ্ধে তেওঁ মেচ ফিক্সিঙৰো অভিযোগ আনে। ছামিয়ে এই সকলোবোৰ ভিত্তিহীন বুলি অস্বীকাৰ কৰাৰ সমান্তৰালকৈ বিচিচিআইয়েও তদন্তৰ পাছত ছামিক ক্লীনছীট দিয়ে।

ছামিৰ সমৰ্থনত অনুৰাগীসকলে হাছিনক উভতি ধৰাৰ পাছত তেওঁ আৰক্ষীৰ দ্বাৰস্থ হয়। বিষয়ো আদালতৰ মজিয়া পায়গৈ।

পত্নীৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিলে কন্যাৰ প্ৰতি স্নেহ অটুট আছিল ছামিৰ। তেওঁ সেইকথা ছচিয়েল মিডিয়াৰ বহু প’ষ্টত সদৰীও কৰিছে। কিন্তু সেই কন্যাৰ নামৰ পৰাও এইবাৰ তাৰকা পেচাৰগৰাকীৰ উপাধি আঁতৰি গ’ল!

শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত কন্যা আৰিয়াৰ এখন ছবি প’ষ্ট কৰিছিল হাছিন জাহানে। তাত তেওঁ কন্যাৰ নামটো লিখে আৰিয়া জাহান বুলিহে।

ইয়াৰ পাছতে বিভিন্নজনে আশংকা প্ৰকাশ কৰি প্ৰশ্ন কৰে যে অৱশেষত কন্যাৰ নামৰ পৰাও ছামিৰ উপাধি অঁতৰাই দিলে নেকি হাছিনে?