ইণ্ডিয়ান ছুপাৰ লীগ! আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখামুখি হ’ব মোহন বাগান

ইণ্ডিয়ান ছুপাৰ লীগত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগানে এইবাৰো টুৰ্ণামেন্টখনত চেম্পিয়নৰ দৰে খেলিছে। প্ৰথম পাঁচখন মেচত জয়লাভ কৰে যদিও একেৰাহে ছয়খনত জয় সাৱ্যস্ত কৰিব পৰা নাই। কেৱল সেয়াই নহয়, এ এফ চি কাপ আৰু আই এছ এলত মিলি যোৱা পাঁচখন মেচৰ ভিতৰত মাত্ৰ ১খনতহে জয়লাভ কৰিছে।

 এ এফ চি কাপত ওড়িশা এফ চিৰ হাতত পৰাস্ত হোৱাৰ পাছত মোহন বাগান বাহিৰ হোৱাৰ কথা নিশ্চিত হয়। ইণ্ডিয়ান ছুপাৰ লীগতো শেষৰখন মেচত ওড়িশা এফ চিৰ ওচৰত থমকি ৰৈছে। এইবাৰ ঘৰৰ বাহিৰত মোহন বাগানৰ সন্মুখত নৰ্থ ইষ্ট ইউনাইটেড এফ চি।

লগতে পঢ়কঃ ধোনীলৈ সন্মান: এতিয়াৰ পৰা ২২ গজৰ ‘মেন ইন ব্লু’ত উপলব্ধ নহ’ব ৭ নম্বৰ জাৰ্চি

ওড়িশাৰ হাতত পৰাস্ত হোৱাৰ মুখত পৰিছিল মোহন বাগান। অৱশ্যে শেষ মুহূৰ্তত আৰ্মাণ্ডো ছাডিকুৱে এই পৰাজয় ৰক্ষা কৰে। কিন্তু খেলখনৰ শেষত প্ৰশিক্ষক জুয়ান ফেৰাণ্ডোৱে দলৰ প্ৰাক্তন ফুটবলাৰ ৰয় কৃষ্ণৰ সৈতে সংঘাতত লিপ্ত হৈ পৰে। সেই বিবাদৰ বাবেই মোহন বাগানৰ প্ৰশিক্ষক জুয়ান ফেৰাণ্ডোক ৰঙা কাৰ্ড দেখুওৱা হৈছিল। নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে বেঞ্চত তেওঁক দেখা পোৱা নাযাব। আজি ফাৰ্নাণ্ডোৰ সহায়ক ক্লিফৰ্ড মিৰাণ্ডা মেচখনত মোহন বাগানৰ প্ৰশিক্ষক।

গোটেই ছিজনটো অস্বস্তিকৰ হৈ পৰিছে মোহন বাগান শিবিৰ। আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে কেইবাগৰাকীও ফুটবলাৰ। সেই তালিকাত দিমিট্ৰি পেট্ৰাটছৰ নামো যোগ হৈছিল। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলখনৰ বাবে উভতি আহিছে পেট্ৰাটছ। যোৱা কেইখনমান মেচত মোহন বাগানে যিদৰে গ’ল দিয়াৰ সুযোগ হেৰুৱাইছে, পেট্ৰ’টছৰ উভতি অহাটো দলৰ বাবে এটা ডাঙৰ সকাহ।

লগতে পঢ়কঃ বিধ্বংসী ৰূপত সূৰ্যৰ শতক আৰু কুলদীপৰ ঘূৰ্ণীত দিশহাৰা প্ৰোটিয়াছ; ড্ৰ’ৰে সামৰণি টী-২০ শৃংখলাৰ

দলটোত আছে জেছন কামিংছৰ দৰে বিশ্বকাপৰ খেলুৱৈ। তেওঁৱো ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে। সেইটোও মোহন বাগানৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে। অৱশ্যে দলৰ সহকাৰী প্ৰশিক্ষক ক্লিফৰ্ড মিৰাণ্ডাৰ মতে কামিংছে ভালেই খেলি আছে।