উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ শীৰ্ষ স্থানপ্ৰাপকক উপহাস একাংশৰ!তথাপিও নীৰৱে সাধনা ছাত্ৰীগৰাকীৰ

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ কিশোৰী প্ৰাচী নিগমে ৯৮.৫ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত শীৰ্ষ স্থান দখল কৰে। কিন্তু তেওঁৰ এই কৃতিত্বক ছাঁ পেলাইছিল প্ৰাচীৰ চেহেৰাক লক্ষ্য কৰি কৰা অনলাইন ট্ৰলিঙৰ ঢৌৱে।

লগতে পঢ়ক:কেজৰিৱালৰ জামিন আবেদন নাকচ : ৭৫ হাজাৰ টকা জৰিমনা বিহিলে দিল্লী উচ্চ ন্যায়ালয়ে

নিম্ন মনোবৃত্তিৰ মন্তব্য আৰু সম্পূৰ্ণ যৌনগন্ধী টোকাবোৰে কিশোৰীগৰাকীক যথেষ্ট অপমানিত কৰে। এনে বহু নেতিবাচক কথাৰ মাজতে এজন যুৱকে এই মন্তব্যসমূহ লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাচীৰ মুখৰ চুলিৰ কাৰণ হ’ব পাৰে পলিচিষ্টিক অভাৰী চিনড্ৰম (পিচিঅ’এছ) যিটো ঋতুস্ৰাৱ হোৱা মহিলাক আক্ৰান্ত কৰা সাধাৰণ হৰম’নৰ অৱস্থা।ইয়াৰ পাছতে প্ৰাচী নিগমৰ প্ৰতি সমৰ্থনৰ ব্যাপক ঢৌৰ ইণ্টাৰনেটত উন্মেষ ঘটিল। এক্স ব্যৱহাৰকাৰীসকলে ট্ৰলসকলক প্ৰত্যাহ্বান জনাই কয় যে তেওঁৰ শৈক্ষিক মেধাহে চৰ্চাৰ যোগ্য, তেওঁৰ চেহেৰা নহয়।

লগতে পঢ়ক: পাঁচ বছৰ উকলি গ’ল আৰু আপোনালোকে ঠেঙৰ ওপৰত ঠেং তুলি বহি আছে! আদালতত খঙত অগ্নিশৰ্মা হ’ল চন্দ্ৰচূড়

প্ৰাচী নিগম কোন?
ইউ পি ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৬০০ নম্বৰৰ ভিতৰত ৫৯১ নম্বৰ লাভ কৰা প্ৰাচী সীতাবল বিদ্যা মন্দিৰ ইণ্টাৰ কলেজৰ এগৰাকী ছাত্ৰী। ফলাফলত আনন্দ প্ৰকাশ কৰি প্ৰাচীয়ে কয় যে, “মই কেতিয়াও ভবা নাছিলো যে মই টপাৰ হ’ম। মই পঢ়াত মনোনিৱেশ কৰিছিলোঁ যদিও শীৰ্ষ ৰেংক আশা কৰা নাছিলোঁ। মোৰ কঠোৰ পৰিশ্ৰমৰ বাবে মই গৌৰৱান্বিত।”

লগতে পঢ়ক: ৩০০ অতিক্ৰম কৰিলে কেজৰিৱালৰ ছুগাৰ লেভেল! তিহাৰ জেলৰ সন্মুখত আপৰ প্ৰতিবাদ

প্ৰাচীয়ে কয় যে তেওঁ অভিযন্তা হোৱাৰ আকাংক্ষা আছে আৰু আই আই টি-জে ই ইৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে। প্ৰাচীয়ে নিজৰ সফলতাৰ কাৰণ ধাৰাবাহিক প্ৰচেষ্টা বুলি কয় আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।প্ৰাচী নিগমৰ কাহিনী কেৱল শৈক্ষিক উৎকৰ্ষতাৰ কথা নহয়; নেতিবাচকতাৰ সন্মুখত সাহসিকতাৰো প্ৰমাণ।