• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ বছৰ উকলি গ’ল আৰু আপোনালোকে ঠেঙৰ ওপৰত ঠেং তুলি বহি আছে! আদালতত খঙত অগ্নিশৰ্মা হ’ল চন্দ্ৰচূড়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 22, 2024 4:39 pm
559
VIEWS
Share on FacebookShare on Twitter

এখন ৰাজহুৱা লেখ আবেদনৰ শুনানিৰ সময়ত খঙত জ্বলি পকি উঠিল দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। সমগ্ৰ দেশতে প্ৰতিবন্ধী লোকৰ অধিকাৰৰ বাবে নিৰ্মিত আইন কাৰ্যকৰী কৰাত পলম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সমূহক কঠোৰভাবে সমালোচনা কৰি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে।

সোমবাৰে উচ্চতম ন্যায়ালয়ত চন্দ্ৰচূড়ে কয় যে প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ (আৰ পি ডব্লিউ ডি আইন) বলবৎ হোৱা পাঁচ বছৰতকৈও অধিক পাৰ হৈ গ’ল যদিও সমগ্ৰ ভাৰততে এই আইনৰ ৰূপায়ণ হতাশাজনক হৈয়ে আছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্ডিৱালাৰ বিভাগীয় বিচাৰপীঠে জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি মন্তব্য কৰে যে প্ৰতিবন্ধীসকলৰ অধিকাৰ সম্পৰ্কীয় আইনখন প্ৰণয়ন হোৱাৰ পাঁচ বছৰ হ’ল যদিও এতিয়ালৈকে বহু ৰাজ্য চৰকাৰ অচল হৈ বহি আছে। বহু ৰাজ্যই এতিয়াও আয়ুক্তও নিয়োগ কৰা নাই। 

বাৰ এণ্ড বেঞ্চৰ এক প্ৰতিবেদন অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে বহু ৰাজ্যই এই আইন কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় নীতিও নিৰ্ধাৰণ কৰা নাই,  যিটো ৬ মাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব লাগিছিল। 

ইয়াৰ লগতে মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে যি সমূহ ৰাজ্যই প্ৰতিবন্ধীসকলৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহ চোৱাচিতা কৰিবলৈ আয়ুক্ত নিযুক্তি দিয়া নাই, সেই সমূহ ৰাজ্যই তৎক্ষণাত নিযুক্তি দিব লাগিব।

ৰাজ্যসমূহৰ বৰ্তমানৰ পৰিস্থিতি আলোকপাত কৰি চন্দ্ৰচূড়ে কয় যে, “অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰত এতিয়াও এই আইনৰ বাবে আয়ুক্ত নিযুক্তি দিয়া হোৱা নাই। লগতে গুজৰাট, হিমাচল প্ৰদেশ, কেৰালা, মিজোৰাম, পশ্চিম বংগ, দিল্লী, আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দমন দিউ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ চৰকাৰে এই আইনৰ ধাৰা ৮৮ৰ অধীনত এতিয়াও পৃথকে পৃথকে ধন আবণ্টন কৰা নাই।

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd