• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 9:15 am
Earthquake in Turkey Syria
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে প্ৰায় ১৫,৩৮৩ লোকে প্ৰাণ হেৰুৱাইছে। বিগত চাৰিটা দিন ধৰি ভূমিকম্পই বিধ্বস্ত কৰা অঞ্চলসমূহত বৰ্তমানো প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।

ভূমিকম্পই বিপৰ্যয়ৰ সৃষ্টি কৰাৰ পিছত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোছানে সদৰী কৰা মতে, আমেৰিকা, ব্ৰিটেইন, আৰৱ, ইজৰাইল আৰু ৰাছিয়াকে ধৰি সত্তৰখন দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংস্থাই তুৰস্কক এই ভয়াৱহ পৰিস্থিতিত সাহায্য দিয়াৰ প্ৰস্তাৱ দিছে।

Apply Now

ইতিমধ্যে ভাৰতকে ধৰি কেইবাখনো দেশে উদ্ধাৰকাৰী দল তথা অন্যান্য সা-সামগ্ৰী সাহায্য হিচাপে দেশ দুখনলৈ প্ৰেৰণ কৰিছে। ভূমিকম্প বিধ্বস্ত অঞ্চলসমূহত এই বহি:দেশৰ উদ্ধাৰকাৰী দলসমূহেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ১৯৯৯ চনৰ পিছত এনেদৰে বিধ্বংসী ৰূপ ধাৰণ কৰা এইটো দ্বিতীয়টো এনে ভূমিকম্প। ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত বিদ্যালয়, চিকিৎসালয় আৰু হাজাৰ হাজাৰ অট্টালিকা তাচপাচৰ দৰেই ঘহি পৰিছে। খহি পৰা অট্টালিকা তথা আৱাসগৃহৰ ধ্বংসস্তূপত আৱদ্ধ হৈ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

কৰ্তৃপক্ষই সদৰী কৰা মতে, এই ভূমিকম্পৰ ফলত তুৰস্কত প্ৰায় ১২,৩৯১ গৰাকী আৰু ছিৰিয়াত প্ৰায় ২,৯৯২ গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত থকালৈ চাই বিশেষজ্ঞসকলে এই সংখ্যা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ আশংকা কৰিছে।

ইফালে মৃত্যু হোৱা লোকৰ ভিতৰত হাজাৰ হাজাৰ শিশুও থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছে তুৰস্কৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।ছিৰিয়াকলৈও উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

WHOৰ প্ৰধানজনে কয় যে ইতিমধ্যে গৃহযুদ্ধৰ বাবে বছৰ বছৰ ধৰি মানৱীয় সংকটৰ মাজেৰে পাৰ হোৱা দেশখনে প্ৰাকৃতিক প্ৰলয়ৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে অনুমান কৰিছে যে ২০ হাজাৰ পৰ্যন্ত লোকৰ মৃত্যু হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাই এই বৃহৎ ভূমিকম্পৰ ফলত ২.৩ কোটি লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি সকীয়াই দি দুয়োখন বিধ্বস্ত দেশকে বিভিন্ন দেশসমূহক সহায় কৰিবলৈ আহ্বান জনায়।

ইয়াৰ মাজতে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ চৰকাৰে ছিৰিয়াৰ বিৰুদ্ধে বলৱৎ হৈ থকা পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞা উঠাই লৈ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে গৃহ যুদ্ধৰ ফলত বিধ্বস্ত দেশখনৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহৰ বিভিন্ন নিষেধাজ্ঞা বলৱৎ আছে যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰচেষ্টা জটিল হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd