• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগ্ৰীজুলিত বিজেপিৰ যোগদান সমাৰোহ; পাঁচ শতাধিক বিপিএফ নেতা-কৰ্মীৰ বিজেপিত যোগদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 15, 2020 11:25 am
IMG-20201114-WA0079

ফটো: নৰ্থইষ্ট নাও

45.1k
VIEWS
Share on FacebookShare on Twitter

বিটিআৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী সকলে আত্মসমৰ্পন কৰক ৷ কিয়নো বিটিআৰত এতিয়া বিপিএফৰ অৱস্থা সোলোক ঢোলক। এই ভাষ্য তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ ৷

তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ ৩ নম্বৰ ডোঙাৰগাওঁৰ ৰাম অৱতাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত শনিবাৰে আবেলি নাগ্ৰীজুলি মণ্ডল বিজেপিৰ উদ্যোগত অনুস্থিত এখন যোগদান সমাৰোহত অংশ গ্ৰহন কৰি এইদৰে কয় তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে ৷

বিধায়ক গৰাকীয়ে পুনৰ কয় যে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কথাত উঠা বহা কৰা একাংশ নেতাৰ অতপালিৰ বাবে এতিয়া বিপিএফৰ বহু নেতা-কৰ্মী দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে ৷

তেওঁ কয় যে একনায়কত্ববাদেৰে বিগত সোতৰ বছৰে বিটিচিত শাসন  চলোৱা হাগ্ৰামা মহিলাৰী কৰ্মকাণ্ডত অতিষ্ঠ হৈ শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ তথা বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীও বিপিএফ দলৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰিছে ৷

অচিৰেই তেওঁৱো বিপিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰি বিজেপি দলত যোগদান কৰিব বুলি উল্লেখ কৰি মোছাহাৰীয়ে কয় যে হাগ্ৰামা  এতিয়া অকলশৰীয়া ৷

এইবাৰ বিটিআৰ নিৰ্বাচনত বিপিএফ দলৰ যে শোচনীয় পৰাজয় হব সেয়া নিশ্চিত হৈছে বুলিও মোছাহাৰীয়ে মন্তব্য কৰে ৷

তামুলপুৰ সমষ্টিৰ অন্তৰ্গত পাঁচটা পৰিষদীয় সমষ্টিটো এজনো বিপিএফ দলৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হব নোৱাৰে বুলি মন্তব্য কৰি তামুলপুৰ মহকুমাৰ পৰিষদীয় সমষ্টি কেইটাৰ বিপিএফৰ দলৰ প্ৰাৰ্থী কেইজনক নিৰ্বাচনত অযথা টকা পইচা খৰচ কৰাতকৈ নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

সভাত ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মনাৰায়ন দাসে নিজৰ বক্তব্যত কয় যে হাগ্ৰামা নেতৃত্বাধীন বিপিএফৰ ১৭ বছৰীয়া অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া বিটিআৰবাসী বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পৰিবৰ্তন বিচাৰি বিজেপি দলৰ প্ৰতি সমৰ্থন আগবঢ়াই দলত যোগদান কৰিছে ৷ বিজেপি দলৰ প্ৰতি  বিটিআৰবাসীৰ  অভূতপুৰ্ব সহাৰিয়েই বিটিআৰত বিজেপিৰ শাসন নিশ্চিত  কৰিছে৷

তেওঁ লগতে কয় যে শেহতীয়াকৈ  বিপিএফ দল ত্যাগ কৰি তামুলপুৰৰ বিধায়ক  ইমানুৱেল মোছাহাৰী আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰিবলৈ অহাৰ পাছত বিটিআৰত বিজেপিৰ শক্তি দুগুণ বৃদ্ধি হব ৷

নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সম্পাদক অৰবিন্দ দাসে আঁত ধৰা আৰু সভাপতি ৰাম বাচতোলাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰেহত প্ৰাক্তন ভিচিডিচিৰ অধ্যক্ষ দেবেন মেধী আৰু বিশিষ্ট সমাজ কৰ্মী অমৰ প্ৰধানৰ নেতৃত্বত প্ৰায় পাঁচশ গৰাকী বিপিএফ দলৰ নেতা কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷

শনিবাৰৰ যোগদান সমাৰোহত  বাক্সা  জিলা বিব্জেপিৰ সভাপতি ৰাম দাহাল, সম্পাদক ৰাজেশ বড়ো, বাক্সা  জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কৃষ্ণ স্বৰ্গীয়াৰী, বাক্সা  জিলা যুৱ মৰ্চাৰ সভাপতি কৰন ছেত্ৰী, উপ সভাপতি ভজন দাসৰ লগতে বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd