অৱশেষত জন্মভূমি অসম আহি পালে কবি সনন্ত তাঁতীৰ মৃতদেহ। আজি বিয়লিৰ ভাগত নতুন দিল্লীৰ পৰা এখন ইণ্ডিগো বিমানেৰে প্ৰয়াত কবিগৰাকীৰ নশ্বৰ দেহ অসমলৈ অনা হয়।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আহি পোৱাৰ পিছতে কবিগৰাকীৰ মৃতদেহ পোনে পোনে তেওঁৰ কৰ্মস্থলী লালমাটিলৈ নিয়া হয়।
তাৰপিছতে কবিৰ নশ্বৰ দেহ গুৱাহাটীৰ ডাউন টাউনত থকা বাসভৱনলৈ অনা হয়। আজি কবি সনন্ত তাঁতীৰ নশ্বৰ দেহৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব।গুৱাহাটীৰ বাসভৱনত কবিগৰাকীৰ গুণমুগ্ধই পুস্পাঞ্জলি অৰ্পনেৰে কবিগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখ্য সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতীৰ কালি নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ত মৃত্যু ঘটিছিল। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ থকা সনন্ত তাঁতীক নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত কালি তেওঁ নিয়তিৰ ওচৰত হাৰ মানে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ।
২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা সনন্ত তাঁতীৰ জন্ম হৈছিল ১১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম লোকনাথ তাঁতী আৰু মাতৃ বৈতৰণী তাঁতী।
তীব্ৰ অৰ্থনৈতিক সংকটত ভোগা সনন্ত তাঁতীৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল কবি গৰাকীৰ পৰিয়াল।
চিকিসালয়ত আদায় দিবলৈ থকা ধন আদায় দিব নোৱাৰাৰ বাবেই সনন্ত তাঁতীৰ মৃতদেহ সেয়ে নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়তে পৰি ৰৈছিল । কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা কবিগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি মৃতদেহ অসমলৈ অনাৰ ব্যৱস্থা কৰে।
কবি সনন্ত তাঁতিৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল —উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (১৯৮১),মই মানুহৰ অমল উৎসৱ ( ১৯৮৫),নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( ১৯৯০),শব্দত অথবা শব্দহীনতাত ( ১৯৯৩),মৃত্যুৰ আগৰ ষ্টপেজত ( ১৯৯৬),টোপনিতো কেতিয়াবা বাৰিষা আহে (১৯৯৭),ধোঁৱা ছাইৰ সপোন (১৯৯৯),দীৰ্ণ বসন্তৰ সৌৰভ (২০০২),আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে ( ২০০৪),মই (২০০৮),মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ ( ২০১০),কাইলৈৰ দিনটো আমাৰ হ’ব (২০১৩),মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে ( ২০১৭),’Selected Poems Sananta Tanty’ (২০১৭) আদি।
২০১৭ চনত তাঁতীয়ে মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল।