• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদায় বেলাত ২৩: এই বৰ্ষত ভাৰতত সৰ্বাধিক গুগল চাৰ্চত কোন আছে জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2023 7:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহি আহি আজি চলিত ২০২৩ বৰ্ষটি অন্তিমটো দিনত ভৰি দিলে। আশা-নিৰাশাৰ মাজেৰেই আজি ২৩ বৰ্ষটিক বিদায় দিবলৈ সাজু হৈছে সকলো। সেই সময়তে চিৰাচৰিতভাৱে বৰ্ষটিক এবাৰ উভতি চোৱাৰ হেঁপাহ কাৰনো নাথাকে!

সম্প্ৰতি ইণ্টাৰনেটৰ দুনীয়াত সকলোৱেই লাভ কৰে প্ৰয়োজনীয় তথ্য। কোনো বিষয় এটি জানিবলৈ তেনেই সহজ পন্থা হিচাপে সকলোৰে হাতত এতিয়া উপলব্ধ গুগল। পিছে এই গুগলত ২০২৩ বৰ্ষত ভাৰতত কাৰ বিষয়ে সৰ্বাধিক চাৰ্চ কৰা হৈছে জানেনে?

Apply Now

এই সন্দৰ্ভত ইতিমধ্যে প্ৰকাশ পাইছে তালিকা। আকাংক্ষিতভাৱেই এই তালিকাত আধিপত্য লাভ কৰিছে ক্ৰিকেটাৰ তথা অভিনেতাসকলে। কিন্তু এই ক্ৰিকেটাৰ তথা অভিনেতাসকলৰ মাজত আকৌ আপুনি আচৰিতভাৱে বিচাৰি নাপাব বহু ৰথী-মহাৰথী তাৰকাক।

আপুনি জানি আচৰিত হ’ব যে, এই তালিকাত নাই দেশৰ তাৰকা ক্ৰিকেটাৰদ্বয় কোহলী-ৰোহিত কিম্বা কিংবদন্তি ধোনী-শচীন। সেইদৰে আপুনি তালিকাত নেদেখে বলীউডৰ কিং খান শ্বাহৰুখ বা আন মহাতাৰকা অভিনেতাক অথবা আন কোনো চৰ্চিত চেলিব্ৰেটিক।

চাওঁচোন আহক এই তালিকাখন:

নম্বৰ ১০: ট্ৰেভিছ হেড

২৩ চনৰ ১৯ নৱেম্বৰ দিনটোক কোনগৰাকী ভাৰতীয়ই পাহৰিব পাৰিব! সেইদিনাই যে আহমেদাবাদত ভংগ হৈছিল দেশবাসীৰ পৰম আকাংক্ষিত স্বপ্ন! ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ১৩৭ ৰাণৰ এক বিশ্বজয়ী ইনিংছেৰে ট্ৰেভিছ হেডে ভাৰতীয় অনুৰাগীৰ স্বপ্ন চূৰ্ণ অষ্ট্ৰেলিয়াক তুলি দিছিল ষষ্ঠটি বিশ্বকাপ খিতাপ।

তাৰ পূৰ্বে এই ট্ৰেভিছ হেডেই জুন মাহত ১৬৩ ৰাণৰ এক দৰ্শনীয় ইনিংছেৰে ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয়ৰো স্বপ্ন ভংগ কৰিছিল। দুবাৰকৈ ভাৰতীয়ৰ স্বপ্ন চূৰ্ণ কৰা এই তাৰকাগৰাকী ভাৰতত সৰ্বাধিক গুগল চাৰ্চত থকা তালিকাৰ ১০ নং স্থানত থাকে।

নম্বৰ ৯: সূৰ্যকুমাৰ যাদৱ

বিশ্ব ক্ৰিকেটৰ নতুন ‘Mr 360°’ হিচাপে খ্যাতি লাভ কৰা ভাৰতৰ ষ্টাইলিছ মিডল অৰ্ডাৰ বেটাৰ সূৰ্যকুমাৰ যাদৱে ২০২৩ চনতো নিজৰ চমকপ্ৰদ উত্থান অব্যাহত ৰাখিছিল। টি-২০ত ভাৰতৰ হৈ বৰ্ষটোত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী যাদৱ আইচিচি টি-২০ ৰেংকিঙৰ বেটাৰৰ তালিকাত শীৰ্ষস্থানীয় বেটাৰ হিচাপে বৰ্ষটোৰ অন্ত পেলায়।

নম্বৰ ৮: ডেভিড বেকহাম

এফালৰ পৰা চাবলৈ গ’লে এই তালিকাত ইংলেণ্ডৰ প্ৰাক্তন ফুটবল তাৰকা ডেভিদ বেকহামৰ উপস্থিতি আশ্চৰ্যকৰেই। ফুটবলক বিদায় দিয়াৰ পিছত এসময়ৰ এই চুপাৰ ষ্টাইলিছ তাৰকাগৰাকীক লৈ ভাৰতত তেনে কোনো বিশেষ চৰ্চাও নাচিল।

কিন্তু এই বৰ্ষতে বেকহামে ভাৰত ভ্ৰমণ কৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই প্ৰাক্তন তাৰকাগৰাকী ২০২৩ চনত ভাৰতত জনপ্ৰিয় ব্যক্তিত্ব হৈ পৰিল।

নম্বৰ ৭: গ্লেন মেক্সৱেল

২৩ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ অন্তিম চুম্বনৰ কৃতিত্বৰ এক বিশেষ অংশ যায় দলটোৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেললৈ। কেইবাখনো মেচত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা মেক্সৱেলে দলৰ বাবে এক গুৰুত্বপূৰ্ণ মেচত আফগানিস্তানৰ বিপক্ষে বিষজৰ্জৰ শৰীৰেই খেলা সেই অবিস্মৰণীয় দ্বিশতকীয় ইনিংছটো কোনোবা ক্ৰিকেট প্ৰেমীয়ে জানো পাহৰিব পাৰে।

নম্বৰ ৬: সিদ্ধাৰ্থ মালহোত্ৰা

বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই এই তালিকাত লাভ কৰিছে ষষ্ঠ স্থান। অৱশ্যে বলীউডৰ ছবিতকৈ বৰ্ষটোত কিয়াৰা আদৱানীৰ সৈতে বিবাহৰ বাবেহে অধিক চৰ্চা লাভ কৰে অভিনেতাগৰাকীয়ে। ২৩ চনত তেওঁৰ মিছন মজনুৰ নামৰ এখন ছবিও মুক্তি পাইছিল।

নম্বৰ ৫: এলভিছ যাদৱ

২০২৩ চনত সামাজিক মাধ্যমত এক পৰিচিত মুখ হৈ পৰা এলভিছ যাদৱে লাভ কৰে বিশেষ চৰ্চা। নিজৰ ইউটিউব চেনেলত এই বৰ্ষত তেওঁৰ চাব্ছক্ৰাইবাৰ ১৪.৮ মিলিয়নলৈ বৃদ্ধি পায়। ৰিয়েলিটি শ্ব’ বিগ বছতো তেওঁ এই বৰ্ষত আছিল চূড়ান্ত বিজয়ী।

নম্বৰ ৪: মহম্মদ ছামি

বিগত বিশ্বকাপত ভাৰতৰ অভিযানৰ এক প্ৰধান নায়ক হৈ পৰিছিল মহম্মদ ছামি। প্ৰথম চাৰিখন মেচত মূল একাদশত সুযোগ নোপোৱা দেশৰ অভিজ্ঞ তাৰকাগৰাকীয়ে প্ৰত্যাৱৰ্তনৰ পিছতে প্ৰতিখন মেচতে আগবঢ়াই আহিছিল অবিস্মৰণীয় প্ৰদৰ্শন। মাত্ৰ ৭খন মেচত ২৪টা উইকেট দখল কৰি এই বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ হিচাপেও ইতিহাস ৰচে ছামিয়ে।

নম্বৰ ৩: ৰচিন ৰবীন্দ্ৰ

বিগত বিশ্বকাপত বিশ্ব ক্ৰিকেটৰ এক উদীয়মান সম্ভাৱনা হিচাপে আত্মপ্ৰকাশ কৰি চমকি উঠে নিউজিলেণ্ডৰ অল-ৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰ। ভাৰতীয় মূলৰ ৰবীন্দ্ৰ বিশ্বকাপত নিউজিলেণ্ডৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ খেলুৱৈ। বিশ্বকাপৰ মাজতে ৰবীন্দ্ৰই বাংগালুৰুত থকা আইতাকক সাক্ষাৎ কৰাৰ দৃশ্যই লাভ কৰিছিল ব্যাপক চৰ্চা।

নম্বৰ ২: শুভমন গিল

ভাৰতৰ লগতে বিশ্ব ক্ৰিকেটৰ আগন্তুক তাৰকা হিচাপে ইতিমধ্যে চৰ্চিত হৈ পৰিছে উদীয়মান তাৰকা শুভমন গিল। এই যুৱ তাৰকাগৰাকীয়ে ২০২৩ চনত নিজকে প্ৰতিষ্ঠা কৰে সম্ভাৱ্য মহা তাৰকা হিচাপে। লগতে আগন্তুক ছিজনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে নিযুক্তি পোৱাৰ পিছত গিলক লৈ হোৱা চৰ্চা যথেষ্ট বৃদ্ধি পায়।

নম্বৰ ১: কিয়াৰা আদৱানী

একপ্ৰকাৰে আচৰিতভাৱেই ২০২৩ চনত ভাৰতত সৰ্বাধিক গুগল কৰা লোকৰ তালিকাত শীৰ্ষস্থানত আহিছে বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানীৰ নাম। বহু চৰ্চিত ৰথী-মহাৰথীতকৈ বৰ্ষটোত নেটিজেনৰ উৎসুকতাৰ কাৰণ হৈ পৰে অভিনেত্ৰীগৰাকী। মূলত: ফেব্ৰুৱাৰী মাহত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে তেওঁৰ বহু চৰ্চিত বিবাহেই হৈছে এই উৎসুকতাৰ কাৰণ। বৰ্ষটোত তেওঁৰ অভিনীত ‘সত্যপ্ৰেম কি কথা’ নামৰ এখন ছবিও মুক্তি পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd