দৰাচলতে কিমান জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাই কি ক’লে?

ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই।

মাইক্ৰ’ ফাইনান্সৰ নামত ঋণ ৰেহাইৰে মহিলাৰ মন জয় কৰিবলৈ চেষ্টা কৰাৰ লগতে আন বহু কামৰে তেওঁ জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা অব্যাহত ৰাখিছে।

কিন্তু দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান কিমানত?

ইণ্ডিয়া টুডেই চলোৱা   ‘মুড অৱ দ্য নেশ্যন জৰীপ ২০২২’ৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ জনপ্ৰিয়তাৰ কথাটো স্পষ্ট হৈ পৰিছে।

সমীক্ষাত এই কথা প্ৰকাশ পাইছে যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেই হৈছে ‘ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী’ । উৰিষ্যাত চলোৱা জৰীপটোত মুঠ ৭১.১ % উত্তৰদাতাই পাটনায়কৰ  সপক্ষে ভোট দিছে। উৰিষ্যাৰ মুঠ ২,৭৪৩ গৰাকী উত্তৰদাতাৰ প্ৰায় ৭১ % উত্তৰদাতাই কৈছে যে তেওঁলোক নবীন পাটনায়কৰ কামত তেওঁলোক সন্তুষ্ট।

পাটনায়কৰ পিছত পশ্চিম বংগৰ ৪,৯৮২ জন উত্তৰদাতাৰ ভিতৰৰে  ৬৯.৯ % ই মমতা বেনাৰ্জীৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰিছে। একেদৰে সমীক্ষাটোত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত তৃতীয় স্থান লাভ কৰা  তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৬৭.৫ % শতাংশ লোকৰ সদিচ্ছা আদায় কৰিবলৈ সক্ষম হৈছে।

 চতুৰ্থ স্থানত থকা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৬১.৮%, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ৬১.১%, দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালে ৫৭.৯%, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫৬.৬% ভোট লাভ কৰিছে।

সেইমৰ্মে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত সপ্তম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে লাভ কৰিছে ৫১.৪ % ভোট।

লক্ষ্যণীয় কথাটো হ’ল অসমকে ধৰি দেশৰ পাঁচ খন বিজেপি শাসিত অথবা এনডিএ শাসিত ৰাজ্যত পাঁচোগৰাকী মুখ্যমন্ত্ৰীয়েই জনতাৰ আস্থা আদায়ত ব্যৰ্থ হৈছে।

অসমক দেশৰ শীৰ্ষ ৰাজ্যত পৰিণত কৰিম বুলি কৈ অহা হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ নিম্নগামী ৰেখা ডালে পিছে আন বহু কথাৰ ইংগিত বহন কৰিছে বুলি বহুতে মন্তব্য কৰিছে।