• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃভাষাই শিশুৰ বৌদ্ধিক বিকাশৰ মূল আধাৰ

ধ্ৰুৱজ্যোতি নাথ by ধ্ৰুৱজ্যোতি নাথ
February 21, 2026 6:45 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰ চেনেহী মোৰ ভাষা জননী,ধন্যে পুণ্যে হৃত পাৱনী, আই।

এই পংক্তিৰ মাজতেই নিহিত আছে আমাৰ মাতৃভাষাৰ মৰম, মৰ্যাদা আৰু মহিমা। ভাষা কেৱল শব্দৰ সমষ্টি নহয়; ভাষা হৈছে আমাৰ অস্তিত্বৰ স্পন্দন, চিন্তাৰ আধাৰ আৰু আত্মচেতনার আভা।

Apply Now

মাতৃভাষা হৈছে শিশুৰ বৌদ্ধিক বিকাশৰ ভেটি। ই চিন্তাক আকাৰ দিয়ে, জ্ঞানক সুসংগঠিত কৰে আৰু ব্যক্তিত্বক সুদৃঢ় কৰে। মাতৃভাষাতেই শিশুৰ মনোজগতত প্ৰথম চিন্তাৰ উন্মেষ ঘটে আৰু অনুভূতিয়ে শব্দৰ ৰূপ লাভ কৰে। শিশুৱে মাকৰ কোলাত, পৰিয়ালৰ পৰিৱেশত আৰু সমাজৰ সান্নিধ্যত যি ভাষা শুনে, সেই ভাষাই তাৰ মানসিক গঠন আৰু জ্ঞানীয় ভিত্তি নিৰ্মাণ কৰে।

আমি নিজকে প্ৰশ্ন কৰোঁ—

যদি শিশুৰ প্ৰথম শিক্ষাৰ মাধ্যমেই তাৰ অন্তৰৰ ভাষা নহয়, তেন্তে সি কিদৰে গভীৰভাৱে বুজিব?

যদি নিজৰ সন্তানক নিজৰ ভাষাত চিন্তা কৰিবলৈ সুযোগ নিদিওঁ, তেন্তে তেওঁলোকৰ চিন্তাৰ শিপা ক’ত থাকিব?

আমেৰিকান চাইকলজিকেল ছচাইটিৰ গৱেষণাই সূচায় যে মাতৃভাষাই মগজুৰ স্বাভাৱিক সাংকেতিক প্ৰণালীক সক্ৰিয় কৰি শিক্ষাগ্ৰহণক অধিক ফলপ্ৰসূ কৰে। অৰ্থাৎ শিশুৱে যি ভাষা সৰুৰে পৰা ব্যৱহাৰ কৰি আহিছে, সেই ভাষাত শিকিলে মগজুৱে কম শক্তি শব্দ বুজাত খৰচ কৰে আৰু অধিক শক্তি বিষয়বস্তু বুজাত ব্যয় কৰে। উদাহৰণস্বৰূপে, যদি শিশুক অচিনাকি ভাষাত গণিত শিকোৱা হয়, সি প্ৰথমে ভাষাটো বুজিবলৈ চেষ্টা কৰিব। কিন্তু মাতৃভাষাত শিকিলে সি সোজাকৈ গণিতৰ ধাৰণাটো বুজিব পাৰে। ফলত শিক্ষাগ্ৰহণ অধিক ত্বৰান্বিত আৰু গভীৰ হয়। স্নায়ুতন্ত্ৰৰ সৈতে সমন্বয় সুদৃঢ় হয়, স্মৃতিশক্তি দীপ্ত হয় আৰু বুজাবুজিৰ স্থায়িত্ব বৃদ্ধি পায়।

বিশ্ববিখ্যাত ৰাছিয়ান মনোবিজ্ঞানী লেভ ভাইগটস্কিৰ মতে, শিশুৰ বৌদ্ধিক বিকাশ প্ৰথমে সামাজিক পৰিৱেশত আৰম্ভ হয় আৰু ভাষাৰ মাধ্যমেদি সেই বিকাশ অন্তৰ্মুখী চিন্তালৈ ৰূপান্তৰিত হয়। সহজ ভাষাত ক’বলৈ গ’লে, শিশুৱে আগতে উচ্চস্বৰে কয়, পিছত সেই কথাবোৰ মনতে চিন্তা কৰে। ভাষাই বাহ্য জগত আৰু অন্তৰ জগতৰ মাজত এখন সেতু নিৰ্মাণ কৰে। সেই সেতুৰ ভিত্তি যিমান দৃঢ়, চিন্তাৰ যাত্ৰাও তিমানেই সুদূৰপ্ৰসাৰী।

ইউনেস্কোৰ বিশ্ব শিক্ষাৰ পৰ্যবেক্ষণ প্ৰতিবেদনত দুই হাজাৰ ষোলত উল্লেখ কৰা হৈছে যে প্ৰাথমিক স্তৰত মাতৃভাষাত শিক্ষা প্ৰদান কৰিলে শিক্ষাৰ ফলাফল উন্নত হয় আৰু শিশুৰ জ্ঞানীয় বিকাশ অধিক স্থায়ী হয়। ইয়াৰ অৰ্থ হ’ল—যি ভাষাত শিশুৱে স্বাভাৱিকভাৱে ভাবিব পাৰে, সেই ভাষাত শিকিলে সি অধিক দিনলৈ শিকনি মনত ৰাখিব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে। সেয়েহে শিক্ষাৰ গুণগত মান নিশ্চিত কৰিব খোজিলে মাতৃভাষাক অগ্ৰাধিকাৰ দিয়াটো অপৰিহাৰ্য।

আমেৰিকান ভাষাবিজ্ঞানী এডৱাৰ্ড ছেপিৰ মতে, মাতৃভাষা হৈছে শিশুৰ প্ৰথম সামাজিক বাস্তৱতাৰ পথপ্ৰদৰ্শক। ভাষাই সমাজ, সংস্কৃতি আৰু ব্যক্তিত্বক একসূত্ৰে বান্ধে। উদাহৰণস্বৰূপে, শিশুৱে ‘মা’, ‘ঘৰ’, ‘গাঁও’ আদি শব্দৰ মাজেৰে কেৱল বস্তু চিনে নহয়; ই অনুভূতি, সম্পৰ্ক আৰু সংস্কৃতিও বুজে। সেয়েহে মাতৃভাষা হৈছে আত্মচিনাক্তিৰ আধাৰ আৰু সাংস্কৃতিক শিকৰ।

মাতৃভাষা-ভিত্তিক শিক্ষাই শিশুৰ

১) স্মৃতিশক্তি সুদৃঢ় কৰে,

২) বিশ্লেষণী আৰু যুক্তিগত চিন্তাক তীক্ষ্ণ কৰে,

৩) আত্মবিশ্বাস বৃদ্ধি কৰে,

৪) সামাজিক আৰু নৈতিক মূল্যবোধৰ বিকাশ ঘটায়,

৫) সৃষ্টিশীলতা আৰু সমস্যা সমাধান ক্ষমতা উন্নত কৰে।

আমি কেতিয়াও কোৱা নাই যে আন ভাষা শিকিব নালাগে। বিশ্বায়নৰ যুগত বহুভাষাজ্ঞান সময়ৰ দাবী। কিন্তু মূল শিকনিৰ ভেটি হ’ব লাগিব মাতৃভাষা। গছ এজোপাৰ শিপা যিমান মাটিত দৃঢ়, সেই গছ তিমানেই আকাশলৈ বিস্তৃত হয়। সেইদৰে, মাতৃভাষাৰ ভিত্তি যিমান শক্তিশালী, চিন্তাৰ বিস্তাৰো তিমানেই সুদূৰপ্ৰসাৰী।

মাকৰ মুখৰ পৰা শিকা ভাষাই হৈছে মাতৃভাষা। সেই ভাষাই মন, মগজু আৰু জিভাৰ সৈতে অবিচ্ছিন্নভাৱে সংপৃক্ত হৈ জ্ঞানৰ জগত উন্মুক্ত কৰে। ভাষা যদি হৃদয়ৰ সৈতে সংযুক্ত হয়, তেন্তে শিক্ষা হয় আনন্দময়; শিক্ষা হয় মুক্ত চিন্তাৰ অভিযান।

যদি আমি আগন্তুক প্ৰজন্মক সৃষ্টিশীল, যুক্তিবাদী আৰু আত্মবিশ্বাসী কৰি তুলিব বিচাৰোঁ, তেন্তে শিক্ষাৰ প্ৰাথমিক স্তৰত মাতৃভাষাক অগ্ৰাধিকাৰ দিয়াটো অনিবার্য। মাতৃভাষা সংৰক্ষণ মানে কেৱল শব্দ সংৰক্ষণ নহয়; ই হৈছে বৌদ্ধিক স্বাধীনতা সংৰক্ষণ।মাতৃভাষা অবিহনে শিক্ষাৰ ভেটি থাকে, কিন্তু চিন্তাৰ আত্মা নাথাকে।

সেয়ে নৱকান্ত বৰুৱাৰ ভাষাৰে শেষত –

“হয়তো নহ’ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া,

তথাপি আপোন মোৰ ভাষা;

তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া—

সুখ, দুখ, স্নেহ, শান্তি, আশা।”

ধ্ৰুৱজ্যোতি নাথ, মাজুলী

6901362762

ধ্ৰুৱজ্যোতি নাথ

ধ্ৰুৱজ্যোতি নাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd