• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলফা, এনডিএফবি নহয় চৰকাৰে দায়িত্ব দিলে পাকিস্তানৰ লগতো আলোচনা কৰিবলৈ সাজু আছো : বিশ্বজিত দৈমাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 17, 2018 11:00 am
IMG_20180815_095012 (1)

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ফাইল ফটো। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘উত্তৰ-পূৰ্বাঞ্চলৰ যি উগ্ৰপন্থী সমস্যা সেই সমস্যা ভাৰত চৰকাৰে সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাই। উত্তৰ-পূবৰ যি জ্বলন্ত সমস্যা, সেইবোৰ আমাৰ জাতীয় সমস্যা আৰু সেই সমস্যাবোৰ আমাৰ সমাজ জীৱনৰ লগত জড়িত হৈ আছে। সেই সমস্যাৰ বাবে আমাৰে মাজৰ কোনোবা ভাই, ভতিজা আদিয়ে উগ্ৰপন্থী হৈ সেই সমস্যাৰ বাবে মাত মাতি আহিছে।  সেই সকলক অকল উগ্ৰপন্থীৰ দৃষ্টিৰে চালেই নহব। যেতিয়ালৈকে আলাপ-আলোচনাৰ মাজেৰে সেই সকলক মূল সুঁতিলৈ ঘূৰাই আনিব পৰা নাযায়, তেতিয়ালৈ দেশত বা ৰাজ্যত শান্তি ঘূৰি নাহে’।

স্বাধীনতা দিৱসৰ দিনা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে। উত্তৰ পূৰ্বাঞ্চলৰ যি উগ্ৰপন্থী সমস্যা সেইয়া সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা ভাৰত চৰকাৰে গুৰুত্ব নিদিয়া বিষয়টো সংসদৰ মজিয়াত শূন্য কালীন ঘণ্টাৰ সময়ত উত্থাপন কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে।

Apply Now

তেওঁ কয় যে  উগ্ৰপন্থী সকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নিয়োগ কৰাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰী, গৃহ মন্ত্ৰণালয়ৰ আমোলা-বিষয়াই নিজে প্ৰত্যক্ষ ভাবে আলাপ আলোচনা কৰি সমস্যা সমাধানৰ পথ উলিয়াব লাগিব। উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত যি সকল লোকক মধ্যস্থতাকাৰী হিচাপে নিয়োগ কৰা হৈছে সেই সকলে প্ৰকৃতাৰ্থত কি কৰি আছে তাক গৃহ মন্ত্ৰনালয়ে নিৰীক্ষণ কৰাৰ দৰকাৰ।

সাংসদ গৰাকীয়ে কয় যে ছয় মাহত বা এবছৰৰ মূৰত এবাৰ আলোচনাত বহি মধ্যস্থতাকাৰী সকলে চাহ-পানী খাই  সময় নষ্ট কৰাৰ বাহিৰে প্ৰকৃতাৰ্থত উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ত্বই আৰোপ কৰা নাই বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।

তেওঁ সাংবাদিকৰ আগত পুনৰ কয় যে উগ্ৰপন্থীৰ লগত আলোচনাৰ বাবে মধ্যস্থতাকাৰী নিযুক্তি দি বেপাৰীৰ ধৰণেৰে চলা কেন্দ্ৰীয় চৰকাৰৰ যি স্বভাৱ বা চৰিত্ৰ , সেইয়া সলনি নহলে উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধান কেতিয়াও সম্ভৱ নহয়।

বি এল টি চুক্তিৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে যিদৰে মধ্যস্থতাকাৰী অবিহনে প্ৰত্যক্ষ ভাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়া সকলৰ উপস্থিতিত বি এল টি চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুবছৰৰ ভিতৰত এই চুক্তি চূড়ান্ত কৰা হৈছিল। ঠিক সেই একেই প্ৰক্ৰিয়াৰে বৰ্তমানৰ উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নোহোৱাকৈ গৃহ মন্ত্ৰী আৰু গৃহ মন্ত্রণালয়ৰ বিষয়াৰ জৰিয়তে আলোচনাৰে সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিব বুলি ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰে মন্তব্য কৰে।

ইয়াৰ উপৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যদিহে ভাৰত চৰকাৰে মোক সঁচা অৰ্থত সমস্যা সমাধানৰ বাবে আলোচনা কৰিবলৈ দায়িত্ব দিয়ে তেন্তে আলফা, এনডিএফবি কিয়,  মই পাকিস্তানৰ লগতো আলোচনা কৰিবলৈ আগ্ৰহী, কিন্তু এই কথা কেন্দ্ৰীয় চৰকাৰ বা ভাৰত চৰকাৰে অনুভৱ কৰিব নে বুলিও সাক্ষাৎকাৰত সাংসদ বিশ্বজিত দৈমাৰীয়ে প্ৰশ্নৰ অৱতাৰণা কৰে।

বাক্সা জিলাৰ শুক্লাইত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ নিজা উদ্যোগত অনুষ্ঠিত দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰৰ সময়ত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে এইদৰে মন্তব্য কৰা দেখা যায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

June 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd