শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

প্ৰতিনিধিত্বমূলক ফটো।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে পত্নীয়ে স্বামীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাটো এক প্ৰকাৰৰ মানসিক ‘নিষ্ঠুৰতা’, যাৰ বাবে স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰে।

আদালতে ৰায় দিছে যে কোনো ধৰণৰ শাৰীৰিক অক্ষমতা বা বৈধ কাৰণ নোহোৱাকৈ দীৰ্ঘ সময়ৰ বাবে একপক্ষীয়ভাৱে যৌন সম্পৰ্ক অস্বীকাৰ কৰাটো মানসিক নিষ্ঠুৰতাৰ সমান বুলি গণ্য হ’ব পাৰে।

লগতে পঢ়কঃ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাইজৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে

বিবাহ বিচ্ছেদৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে পত্নীয়ে স্বামীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাটো এক প্ৰকাৰৰ ‘নিষ্ঠুৰতা’। ই বিবাহ বিচ্ছেদৰ বৈধ ভিত্তি।

ই পৰ্যবেক্ষণৰ লগে লগে ন্যায়াধীশ শীল নাগু আৰু ন্যায়াধীশ বিনয় ছৰফৰ বিভাগীয় বিচাৰপীঠে পৰিয়াল আদালতৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি স্বামীক পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ অনুমতি দিয়ে।

উল্লেখ্য যে ২০০৬ চনৰ ১২ জুলাইত এক দম্পতিৰ বিবাহ হয়। স্বামীয়ে অভিযোগ কৰে যে পত্নীয়ে দীৰ্ঘদিন ধৰি কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্কত আপত্তি কৰি আহিছিল। ই এক প্ৰকাৰৰ নিষ্ঠুৰতা।

লগতে পঢ়কঃয়েমেনক আক্ৰমণ চলাই বিপদত পৰিছে বাইডেন; উভতি ধৰিলে কোনে?

স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে পৰিয়াল আদালতত আবেদন জনায়। কিন্তু আদালতে স্বামীৰ আবেদন মঞ্জুৰ নকৰাৰ বাবে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনায়। অৱশ্যে পত্নীয়ে স্বামীৰ এই দাবীৰ বিৰোধিতা কৰে।