NORTHEAST NOW (Assamese)

নৃশংস! ব্যক্তিগত শত্ৰুতাৰ বাবে চুবুৰীয়াৰ ২৮টা পাৰ চৰাইক হত্যা

January 9, 2025 7:21 pm · এন ই নাও নিউজ, গুৱাহাটী

ব্যক্তিগত শত্ৰুতাক লৈ চুবুৰীয়াৰ ২৮টা পাৰ চৰাইক হত্যা কৰাৰ অভিযোগ এজন লোকৰ। বুধবাৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হয় এই ঘটনা।

শিন্দনগৰৰ কাজল ৰায়ৰ ঘৰত সংঘটিত ঘটনা। স্থানীয় সূত্ৰ অনুসৰি কাজলৰ ৫০টা পোহনীয়া পাৰ আছে। সন্ধিয়া পাৰ অস্বাভাৱিক মাত শুনা বুলি অভিযোগ কৰিছিল। পাৰবোৰে কিয় তেনেকৈ মাতিছে, কিয় চিঞৰিছে, চাবলৈ ছাদত উঠি গল। এটা ডাঙৰ পিঞ্জৰাত পাৰ আছিল।

কাজলে দাবী কৰে যে ছাদত উঠাৰ লগে লগে চুবুৰীয়া মোহিত ছাদৰ পৰা জপিয়াই পলাই যোৱা দেখিছিল। তাৰ লগে লগে পাৰৰ পিঞ্জৰাটো দেখি তেঁও আচৰিত হৈ পৰিল। তেওঁ দেখিলে যে পিঞ্জৰাটোৰ চাৰিওফালে কেইবাটাও পাৰ নিথৰ হৈ পৰি আছে। কাজলে দাবী কৰে যে মোহিতে ২৮টা পাৰৰ ডিঙি চিঙিছে। যাৰ ফলত পাৰবোৰৰ মৃত্যু হয়।

এই ঘটনাৰ পাছত কাজলে মোহিতৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। বন বিভাগকো খবৰ দিয়া হয়। বন বিভাগক খবৰ দিয়াৰ পাছতে কাজলৰ ঘৰৰ পৰা উদ্ধাৰ কৰে মৃত পাৰকেইটা। কাজলে দাবী কৰে যে কেইবাদিনো পূৰ্বে মোহিতৰ লগত কাজিয়া হৈছিল। প্ৰতিশোধ লবলৈ মোহিতে কাজলৰ পোহনীয়া পাৰবোৰক হত্যা কৰিলে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News