• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ সমষ্টিত “নিৰুদ্দেশ” পোষ্টাৰ ওলমোৱাক কেন্দ্ৰ কৰি কি ক’লে সাংসদ প্ৰদ্যুত বৰদলৈয়ে?

পোষ্টাৰ ওলমোৱাক কেন্দ্ৰ কৰি তৃপ্তি পালে প্ৰদ্যুতে; কিন্তু কিয়? নগাঁও সদৰ থানাত গোচৰ যুৱ কংগ্ৰেছী আৰু এনএছয়ুআইৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 25, 2020 9:11 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি হঠাৎ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও টাউনত ‘প্ৰদ্যুত বৰদলৈ নিৰুদ্দেশ’ শীৰ্ষক পোষ্টাৰ নিশাটোৰ ভিতৰতে কোনো অজ্ঞাত লোকে আঁৰি থৈ গৈছিল।

তাক লৈ নগাঁৱৰ কংগ্ৰেছীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কাণ্ডক লৈ স্বয়ং প্ৰদ্যুত বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Apply Now

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত তেওঁ কয় ‘নগাঁৱত হঠাতে আমোদজনক ঘটনা এটা ঘটিল। মোৰ বিৰুদ্ধে পোষ্টাৰ লাগিছে। যোৱা ফেব্ৰুৱাৰি মাহৰ পৰা দিল্লীত সংসদৰ অধিৱেশন আৰম্ভ হৈছে। তাৰ মাজতো মই গৈ নগাঁৱৰ সমষ্টিবাসীৰ লগত আছিলো। তাৰ মাজতে পুনৰ ঘূৰি আহি সংসদৰ বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিছিলো যদিও অধিৱেশনখন স্থগিত ৰখা হৈছিল।‘

‘ল’কডাউন ঘোষণা কৰাৰ ফলত ৰেইল সেৱা, বিমান সেৱাকে ধৰি সকলো পৰিবহণ সেৱা বাতিল হোৱাৰ বাবে অসমলৈ উভটি যোৱাৰ কোনো সুবিধা নাথাকিল।‘ তেওঁ লগতে কয়।

ইপিনে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পইচাৰে ভাড়া কৰা এখন বিশেষ বিমানৰে সৈতে বাচি বাচি বিজেপিৰ অসমৰ সাংসদসকলক অসমলৈ লৈ আনে বুলি উল্লেখ কৰি বৰদলৈয়ে কয় ‘যাৰ ফলত বিৰোধী দলৰ সাংসদসকল দিল্লীতে আৱদ্ধ হৈ থাকিবলগীয়া হ’ল।‘

ইয়াৰোপৰি, দিল্লীত থকাৰ সময়ত তথা ল’কডাউনৰ সময়ছোৱাত সমষ্টিটোৰ তিনিখন জিলাৰ ২০ হাজাৰ দুৰ্দশাগ্ৰস্থ পৰিয়ালক যোৱা ডেৰমাহ ধৰি সাহায্য প্ৰদান কৰি অহা বুলি দাবী কৰে বৰদলৈয়ে।

তেওঁ আৰু কয় ‘নগাঁও সমষ্টিৰ প্ৰায় ২৫ হাজাৰ শ্ৰমিক দেশৰ বিভিন্ন প্ৰান্তত ল’কডাউনৰ বাবে আৱদ্ধ হৈ পৰাৰ ফলত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল। তেওঁলোকৰ লগতো বিভিন্নধৰণে সমন্বয় ৰক্ষা কৰি বিশেষভাৱে সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছিল।‘

আনহাতে. ১৯ মে’ৰ দিনা মিজোৰামৰ এগৰাকী সাংসদৰ লগত অসমলৈ ৰাস্তাৰে উভটি অহাৰ সময়ত উত্তৰপ্ৰদেশত শ্ৰমিকসকলে গাড়ী মটৰ ভঙাৰ বাবে পুনৰ দিল্লীলৈ উভটাই পঠালে বুলি তেওঁ সদৰী কৰে।

অহা ২৬ মে’ৰ দিনা অসমত আহি উপস্থিত হ’ব বুলি সাংসদগৰাকীয়ে জানিবলৈ দি লগতে কয় ‘যিখিনি কোৱাৰেন্টাইনৰ নীতি নিয়ম আছিল সেইখিনি পালন কৰি সমষ্টিবাসীৰ কাষত উপস্থিত হ’ম।‘

ইপিনে, তেওঁৰ বিৰুদ্ধে পোষ্টাৰ মৰা কাৰ্যত তৃপ্তি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ‘কিয়নো আমাৰ অন্য সাংসদসকলো অসমত ল’কডাউনৰ সময়ছোৱাত উপস্থিত হ’ব পৰা নাছিল যদিও তেওঁলোকে বাছি বাছি মোকেই আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাৰ নিশ্চয় কিবা কাৰণ আছে।‘

আনহাতে, এই ঘটনাৰ গৰিহণা দিয়ে নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু এনএছয়ুআইয়ে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা আৰু নগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd