শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাত অঘটন: মূৰত আঘাতলৈ চিকিৎসাধীন সুন্দৰী!

mrs-sri-lanka

দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাৰ মাজতে সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা।

দেশ খনৰ ৰাজধানী কলম্বোত আয়োজিত মিছেচ শ্ৰীলংকা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ প্ৰদান অনুষ্ঠান এইবাৰৰ মিছেচ শ্ৰীলংকা খিতাপ অৰ্জন কৰা সুন্দৰী পুস্পিকা ডে ছিলভাক মঞ্চৰ ওপৰতে দেশ খনৰে মিছেচ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা কেৰ’লিন জুৰিয়ে এক প্ৰকাৰ আক্ৰমণ কৰাত পুস্পিকা ডে ছিলভাই মূৰত আগাত পায় আৰু চিকাষ চাপিবলগীয়া হয়।

দেওবাৰে কলম্বোত দ্বীপ ৰাষ্ট্ৰ খনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছেৰ পত্নী ছিৰান্থি ৰাজাপাকছেই এইবাৰৰ মিছেচ শ্ৰীলংকা খিতাপ বিজয়ী পুস্পিকা ডে ছিলভাক মুকুট পিন্ধোৱাৰ পিছতে মঞ্চলৈ উঠি যায় মিছেচ ৱৰ্ল্ড খিতাপ বিজয়ী কেৰ’লিন জুৰিয়ে।

জুৰিয়ে বলপূৰ্বক পুস্পিকাৰ মূৰৰ পৰা মিছেচ শ্ৰীলংকাৰ মুকুটটো কাঢ়ি আনে। মিছেচ ৱৰ্ল্ড কেৰ’লিনা জুৰিয়ে মঞ্চত এইবুলি অভিযোগ কৰে যে পুস্পিকা ডে ছিলভা যিহেতু বিবাহ বিচ্ছেদ হোৱা মহিলা সেয়ে তেওঁ এই সন্মান লাভ কৰিব নোৱাৰে।

ইয়াৰ পৰিৱৰ্তে প্ৰতিযোগিতাৰ দ্বিতীয় ৰাণাৰ্ছ আপকহে সন্মানটো প্ৰদান কৰিব লাগিব। এইবুলি কৈয়েই কেৰ’লিনা জুৰিয়ে পুস্পিকাৰ মূৰৰ পৰা মুকুটটো কাঢ়ি আনে আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ মূৰত সেয়া পিন্ধাই দিয়ে।

এনে কৰোতে মুকুটত থকা পিনে বিন্ধাত পুস্পিকা আঘাতপ্ৰাপ্ত হয়। মঞ্চত অপমানিত হোৱাৰ পিছতে পুস্পিকাই মঞ্চ এৰি আহে আৰু ফেচবুকৰ জৰিয়তে এইবুলি প্ৰকাশ কৰে যে তেওঁ বিবাহ বিচ্ছেদিত মহিলা নহয়।

তেওঁ মাত্ৰ স্বামীৰ পৰা আঁতৰিহে আছে।মঞ্চত কৰা অপমানৰ বিৰুদ্ধে তেওঁ আইনৰ শৰণাপন্ন হ’ব বুলিও প্ৰকাশ কৰে।

ইয়াৰ পিছতে প্ৰতিযোগিতাৰ আয়োজক সমিতিয়ে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে পুস্পিকাক পুনৰ তেওঁৰ মুকুট ওভতাই দিয়া হ’ব বুলি ঘোষণা কৰিছে।

সৌন্দৰ্য প্ৰতিযোগিতাৰ দৰে অনুষ্ঠানত সংঘটিত এনে কুৎসিত ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।