NORTHEAST NOW (Assamese)

কেন্দ্ৰ চৰকাৰক চলচ্চিত্ৰ গৃহ মুকলিৰ আহ্বান মাল্টিপ্লেক্স এছ’চিয়েশ্যন অফ ইণ্ডিয়াৰ

September 16, 2020 12:58 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

মাল্টিপ্লেক্স এছ’চিয়েশ্যন অফ ইণ্ডিয়াই ভাৰত চৰকাৰক চলচ্চিত্ৰ গৃহ সমূহ মুকলি কৰি দিয়াৰ বাবে এক বিবৃতিযোগে আহ্বান জনাইছে।

ক’ৰ’না মহামাৰীৰ বাবে বিগত ছয়মাহ ধৰি ভাৰতৰ চলচ্চিত্ৰসমূহ বন্ধ হৈ থকাৰ ফলত চলচ্চিত্ৰ গৃহ সমূহে প্ৰায় ৯০০০ কোটি টকাৰ লোকচানৰ সন্মুখিন হ’বলগীয়া হৈছে বুলিও মাল্টিপ্লেক্স এছ’চিয়েশ্যন অফ ইণ্ডিয়াই সদৰী কৰে।

আনহাতে, দীৰ্ঘসময়ৰ বাবে চলচ্চিত্ৰ গৃহ সমূহ বন্ধ হৈ থকাৰ ফলত চলচ্চিত্ৰ গৃহ উদ্যোগটোৱে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখিন হ’বলগীয়াত পৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সংকটৰ পৰিপ্ৰেক্ষিতত বিগত মাৰ্চ মাহৰ পৰা ভাৰতত চলচ্চিত্ৰ গৃহ সমূহ বন্ধ হৈ আছে।

ভাৰত চৰকাৰে বৰ্তমানলৈ চলচ্চিত্ৰ গৃহ সমূহ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ বাবে নতুন চলচ্চিত্ৰ সমূহ অনলাইন মাধ্যমতে মুকলি কৰি দিবলগীয়া হৈছে।

Related News