• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলিউডৰ মোহত কেঁচুৱাতে ৰেইলত এৰি যোৱা মাকক ১.৫ কোটি টকাৰ ক্ষতিপূৰণ দাবীৰে গোচৰ সন্তানৰ

জন্মদাত্ৰীৰ স্নেহ বঞ্চিত শিশুৱে সন্মুখীন হোৱা দুৰ্দশাবোৰৰ প্ৰতি সংবেদনশীল যিকোনো লোকৰ হৃদয় কঁপিব পাৰে শ্ৰীকান্তৰ কাহিনী শুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 6:43 pm
bombay high court

বোম্বেই হাই ক'ৰ্ট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্তান জন্ম দিও অপত্যস্নেহ আৰু দায়িত্বতকৈ নিজৰ বলিউডী কেৰিয়াৰক আগস্থান দিয়া মাকৰ পৰা প্ৰায় ৪০ বছৰৰ পিছত ক্ষতিপূৰণ বিচাৰি আদালতৰ কাষ চাপিছে এজন ভুক্তভোগী সন্তানে।

ঘটনাটো মহাৰাষ্ট্ৰৰ আৰু জন্মদাত্ৰী মাকৰ বিৰুদ্ধে বোম্বেই আদালতৰ কাষ চপা ব্যক্তিজন হ’ল ৪০ বছৰীয়া শ্ৰীকান্ত ছবনিছ।

Apply Now

মাতৃস্নেহৰ পৰা ২ বছৰ বয়সতেই বঞ্চিত হৈ আৰু তাৰ ফলত সন্মুখীন হোৱা দুৰ্দশাৰ বাবে গোটেই জীৱন মানসিক আঘাত কঢ়িয়াই ফুৰা শ্ৰীকান্ত ছবনিছৰ এই কাহিনীয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ঠাই পাইছে।

শ্ৰীকান্তে তেওঁৰ অভিযোগনামাত দিয়া বিৱৰণে অপত্যস্নেহ থকা আৰু শিশুৱে সন্মুখীন হোৱা দুৰ্দশাবোৰৰ প্ৰতি সংবেদনশীল যিকোনো লোকৰ হৃদয় সেমেকাই তুলিব পাৰে।

আবেদনখনত কোৱা হৈছে-

শ্ৰীকান্তে মাক বুলি দাবী কৰা মহিলাগৰাকীৰ নাম আৰতী মহস্কাৰ আৰু তেওঁ পুণেত থাকোতে দীপক ছবনিছ নামৰ এজন লোকৰ সৈতে বিয়া হৈছিল।

পিছত দুবছৰীয়া শ্ৰীকান্তক লৈ আৰতী স্বামীক এৰি থৈ মুম্বাইলৈ বলিউডত কেৰিয়াৰ গঢ়িবৰ বাবে গুচি যায়।

কিন্তু মু্ম্বাই পোৱাৰ পিছত শ্ৰীকান্তক ৰেইলতে এৰি থৈ যায় আৰতীয়ে।

ৰেইলৱেইৰ এজন বিষয়াই পাই শ্ৰীকান্তক শিশু প্ৰতিপালন কৰা গৃহলৈ প্ৰেৰণ কৰে। এয়া আছিল ১৯৮১ চনৰ ছেপ্টেম্বৰ মাহৰ ঘটনা।

১৯৮৬ চনত শ্ৰীকান্তক উদ্ধাৰ কৰিবলৈ তেওঁৰ এনায়েকে (মাকৰ মাক) সক্ষম হয় আৰু নিজৰ লগত লৈ আনে।

প্ৰথমে এনায়েকৰ লগত আৰু পিছত মাহীয়েকৰ লগত থাকি তেওঁ ডাঙৰ হ’বলৈ ধৰে।

আবেদনখনত শ্ৰীকান্তে উল্লেখ কৰা মতে, তেওঁ ২০১৭ চনতহে নিজৰ জন্মদাত্ৰী মাকৰ আচল পৰিচয় জানিব পাৰে।

২০১৮ চনৰ ছেপ্টেম্বৰত মাকৰ ম’বাইল নম্বৰ সংগ্ৰহ কৰি শ্ৰীকান্তে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু মহিলাগৰাকীয়ে শ্ৰীকান্তক নিজৰ সন্তান বুলি স্বীকাৰ কৰি কয় যে এৰাব নোৱৰা পৰিস্থিতিৰ বাবেহে তেওঁক পৰিত্যাগ কৰিব লগীয়া হৈছিল।

শ্ৰীকান্ত পিছত মাকক আৰু তেওঁৰ দ্বিতীয় স্বামীক লগ কৰেগৈ যদিও তেওঁলোকে তেওঁলোকৰ সন্তানসকলৰ আগত প্ৰকৃত পৰিচয় নিদিবলৈ আহ্বান জনায়।

“আৱেদনকাৰীয়ে ইতিপূৰ্বে এটা ভয়ংকৰ জীৱন পৰিক্ৰমা অতিক্ৰম কৰিছে। তেওঁ আত্মীয়ৰ ঘৰে ঘৰে আৰু “ভুৱা” অভিভাৱকৰ ঘৰৰ পৰা নিৰীক্ষণ গৃহলৈ ঘূৰি ফুৰিব লগীয়া হৈছিল। তেওঁক এই পৰিস্থিতিয়ে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছে”, আৱেদনখনত কোৱা হৈছে।

শ্ৰীকান্তে মাক আৰু তেওঁৰ দ্বিতীয় স্বামীৰ পৰা এই দুৰ্দশা আৰু মানসিক আঘাতৰ বাবে ১.৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰাৰ লগতে তেওঁক নিজৰ সন্তান বুলি আৰু দুবছৰ বয়সত পেলাই থৈ গৈছিল বুলি স্বীকাৰ কৰিবলৈ মাকক নিৰ্দেশ দিয়াৰ বাবে আদালতক আৱেদন কৰিছে।

কাইলৈ (১৩ জানুৱাৰি) এই ব্যতিক্ৰম আৱেদনখনৰ শুনানিৰ দিন।

৪০ বছৰীয়া শ্ৰীকান্তে এতিয়া মুম্বাইত এজন মেক-আপ শিল্পী হিচাপে কাম কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd