DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউডৰ মোহত কেঁচুৱাতে ৰেইলত এৰি যোৱা মাকক ১.৫ কোটি টকাৰ ক্ষতিপূৰণ দাবীৰে গোচৰ সন্তানৰ

জন্মদাত্ৰীৰ স্নেহ বঞ্চিত শিশুৱে সন্মুখীন হোৱা দুৰ্দশাবোৰৰ প্ৰতি সংবেদনশীল যিকোনো লোকৰ হৃদয় কঁপিব পাৰে শ্ৰীকান্তৰ কাহিনী শুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 6:43 pm
bombay high court

বোম্বেই হাই ক'ৰ্ট।

8.7k
VIEWS
Share on FacebookShare on Twitter

সন্তান জন্ম দিও অপত্যস্নেহ আৰু দায়িত্বতকৈ নিজৰ বলিউডী কেৰিয়াৰক আগস্থান দিয়া মাকৰ পৰা প্ৰায় ৪০ বছৰৰ পিছত ক্ষতিপূৰণ বিচাৰি আদালতৰ কাষ চাপিছে এজন ভুক্তভোগী সন্তানে।

ঘটনাটো মহাৰাষ্ট্ৰৰ আৰু জন্মদাত্ৰী মাকৰ বিৰুদ্ধে বোম্বেই আদালতৰ কাষ চপা ব্যক্তিজন হ’ল ৪০ বছৰীয়া শ্ৰীকান্ত ছবনিছ।

মাতৃস্নেহৰ পৰা ২ বছৰ বয়সতেই বঞ্চিত হৈ আৰু তাৰ ফলত সন্মুখীন হোৱা দুৰ্দশাৰ বাবে গোটেই জীৱন মানসিক আঘাত কঢ়িয়াই ফুৰা শ্ৰীকান্ত ছবনিছৰ এই কাহিনীয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ঠাই পাইছে।

শ্ৰীকান্তে তেওঁৰ অভিযোগনামাত দিয়া বিৱৰণে অপত্যস্নেহ থকা আৰু শিশুৱে সন্মুখীন হোৱা দুৰ্দশাবোৰৰ প্ৰতি সংবেদনশীল যিকোনো লোকৰ হৃদয় সেমেকাই তুলিব পাৰে।

আবেদনখনত কোৱা হৈছে-

শ্ৰীকান্তে মাক বুলি দাবী কৰা মহিলাগৰাকীৰ নাম আৰতী মহস্কাৰ আৰু তেওঁ পুণেত থাকোতে দীপক ছবনিছ নামৰ এজন লোকৰ সৈতে বিয়া হৈছিল।

পিছত দুবছৰীয়া শ্ৰীকান্তক লৈ আৰতী স্বামীক এৰি থৈ মুম্বাইলৈ বলিউডত কেৰিয়াৰ গঢ়িবৰ বাবে গুচি যায়।

কিন্তু মু্ম্বাই পোৱাৰ পিছত শ্ৰীকান্তক ৰেইলতে এৰি থৈ যায় আৰতীয়ে।

ৰেইলৱেইৰ এজন বিষয়াই পাই শ্ৰীকান্তক শিশু প্ৰতিপালন কৰা গৃহলৈ প্ৰেৰণ কৰে। এয়া আছিল ১৯৮১ চনৰ ছেপ্টেম্বৰ মাহৰ ঘটনা।

১৯৮৬ চনত শ্ৰীকান্তক উদ্ধাৰ কৰিবলৈ তেওঁৰ এনায়েকে (মাকৰ মাক) সক্ষম হয় আৰু নিজৰ লগত লৈ আনে।

প্ৰথমে এনায়েকৰ লগত আৰু পিছত মাহীয়েকৰ লগত থাকি তেওঁ ডাঙৰ হ’বলৈ ধৰে।

আবেদনখনত শ্ৰীকান্তে উল্লেখ কৰা মতে, তেওঁ ২০১৭ চনতহে নিজৰ জন্মদাত্ৰী মাকৰ আচল পৰিচয় জানিব পাৰে।

২০১৮ চনৰ ছেপ্টেম্বৰত মাকৰ ম’বাইল নম্বৰ সংগ্ৰহ কৰি শ্ৰীকান্তে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু মহিলাগৰাকীয়ে শ্ৰীকান্তক নিজৰ সন্তান বুলি স্বীকাৰ কৰি কয় যে এৰাব নোৱৰা পৰিস্থিতিৰ বাবেহে তেওঁক পৰিত্যাগ কৰিব লগীয়া হৈছিল।

শ্ৰীকান্ত পিছত মাকক আৰু তেওঁৰ দ্বিতীয় স্বামীক লগ কৰেগৈ যদিও তেওঁলোকে তেওঁলোকৰ সন্তানসকলৰ আগত প্ৰকৃত পৰিচয় নিদিবলৈ আহ্বান জনায়।

“আৱেদনকাৰীয়ে ইতিপূৰ্বে এটা ভয়ংকৰ জীৱন পৰিক্ৰমা অতিক্ৰম কৰিছে। তেওঁ আত্মীয়ৰ ঘৰে ঘৰে আৰু “ভুৱা” অভিভাৱকৰ ঘৰৰ পৰা নিৰীক্ষণ গৃহলৈ ঘূৰি ফুৰিব লগীয়া হৈছিল। তেওঁক এই পৰিস্থিতিয়ে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছে”, আৱেদনখনত কোৱা হৈছে।

শ্ৰীকান্তে মাক আৰু তেওঁৰ দ্বিতীয় স্বামীৰ পৰা এই দুৰ্দশা আৰু মানসিক আঘাতৰ বাবে ১.৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰাৰ লগতে তেওঁক নিজৰ সন্তান বুলি আৰু দুবছৰ বয়সত পেলাই থৈ গৈছিল বুলি স্বীকাৰ কৰিবলৈ মাকক নিৰ্দেশ দিয়াৰ বাবে আদালতক আৱেদন কৰিছে।

কাইলৈ (১৩ জানুৱাৰি) এই ব্যতিক্ৰম আৱেদনখনৰ শুনানিৰ দিন।

৪০ বছৰীয়া শ্ৰীকান্তে এতিয়া মুম্বাইত এজন মেক-আপ শিল্পী হিচাপে কাম কৰে।

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd