DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

সাহিত্যৰ সৃষ্টি সম্ভাৰৰ পৰা উৎকৃষ্ট সাহিত্য বাচি উলিয়াবলৈ ৰসজ্ঞ পাঠকৰো দৰকাৰ: হীৰেন ডঃ গোঁহাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 12:43 pm
bhaba
178
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ তিনিগৰাকী তৰুণ লেখকক প্ৰদান কৰা হৈছে মুনীন বৰকটকী সাহিত্য বঁটা।

শনিবাৰে গুৱাহাটী মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনি তৰুণ লেখক ক্ৰমে অংকুৰ ৰঞ্জন ফুকন,মনোৰঞ্জন বড়ি আৰু অভিজিৎ বৰাক আনুষ্ঠানিক ভাবে এই বঁটা প্ৰদান কৰা হয়।

তিনিওগৰাকী সু-লেখকক বঁটা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়ে।

২০১৯ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ‘ৎ’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে অংকুৰ ৰঞ্জন ফুকনে,গল্পকাৰ মনোৰঞ্জন বড়িক তেওঁৰ ‘ম’হ-য’খ’শীৰ্ষক চুটিগল্পৰ বাবে আৰু  ২০২০ বৰ্ষৰ  বঁটা অভিজিৎ বৰাক তেওঁৰ ‘ডেউকা কোবাই যায়’ শীৰ্ষক চুটি গল্প সংকলৰ বাবে  প্ৰদান কৰা হয়।

এই বঁটাত আছে এখন ফলক,এখন মানপত্ৰ আৰু নগদ ৫০,০০০ টকা।

বঁটা প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোঁহাইয়ে কয় যে এনে ধৰণৰ বঁটাই লেখক সকলক নতুন নতুন সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাব।

ডঃ গোঁহাইয়ে কয়—‘মুনীন বৰকটকীয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰ খনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।তেওঁ সাহিত্য-সংস্কৃতিৰ ফুল-ফলৰ ৰস নিজে পান কৰাৰ লগতে আনকো বিলাই দিয়াটো দায়িত্ব বুলি ভাবিছিল’।

তেওঁ লগতে কয় যে ধানৰ পৰা পতান বাচি উলিওৱাৰ দৰে সাহিত্যৰ সৃষ্টি সম্ভাৰৰ পৰাও উৎকৃষ্ট সাহিত্য বাচি উলিয়াবলৈ ৰসজ্ঞ  পাঠকৰো দৰকাৰ।

বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট অনুবাদক, কবি নিৰুপমা দত্তই ‘ভাৰতত প্ৰতিবাদী কাব্যৰ বিকাশ ধাৰা’শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে।

দত্তই কয় যে কবিতাৰ মাধ্যমৰে প্ৰতিবাদৰ ধাৰা ভাৰতত পূৰ্বৰে পৰা চলি আহিছে।এনে প্ৰতিবাদী ধাৰাই একোটা গণ আন্দোলনক বিশেষ গতি প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd