NORTHEAST NOW (Assamese)

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

February 28, 2021 12:43 pm · এন ই নাও নিউজ

ৰাজ্যৰ তিনিগৰাকী তৰুণ লেখকক প্ৰদান কৰা হৈছে মুনীন বৰকটকী সাহিত্য বঁটা।

শনিবাৰে গুৱাহাটী মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনি তৰুণ লেখক ক্ৰমে অংকুৰ ৰঞ্জন ফুকন,মনোৰঞ্জন বড়ি আৰু অভিজিৎ বৰাক আনুষ্ঠানিক ভাবে এই বঁটা প্ৰদান কৰা হয়।

তিনিওগৰাকী সু-লেখকক বঁটা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়ে।

২০১৯ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ‘ৎ’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে অংকুৰ ৰঞ্জন ফুকনে,গল্পকাৰ মনোৰঞ্জন বড়িক তেওঁৰ ‘ম’হ-য’খ’শীৰ্ষক চুটিগল্পৰ বাবে আৰু  ২০২০ বৰ্ষৰ  বঁটা অভিজিৎ বৰাক তেওঁৰ ‘ডেউকা কোবাই যায়’ শীৰ্ষক চুটি গল্প সংকলৰ বাবে  প্ৰদান কৰা হয়।

এই বঁটাত আছে এখন ফলক,এখন মানপত্ৰ আৰু নগদ ৫০,০০০ টকা।

বঁটা প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোঁহাইয়ে কয় যে এনে ধৰণৰ বঁটাই লেখক সকলক নতুন নতুন সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাব।

ডঃ গোঁহাইয়ে কয়—‘মুনীন বৰকটকীয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰ খনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।তেওঁ সাহিত্য-সংস্কৃতিৰ ফুল-ফলৰ ৰস নিজে পান কৰাৰ লগতে আনকো বিলাই দিয়াটো দায়িত্ব বুলি ভাবিছিল’।

তেওঁ লগতে কয় যে ধানৰ পৰা পতান বাচি উলিওৱাৰ দৰে সাহিত্যৰ সৃষ্টি সম্ভাৰৰ পৰাও উৎকৃষ্ট সাহিত্য বাচি উলিয়াবলৈ ৰসজ্ঞ  পাঠকৰো দৰকাৰ।

বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট অনুবাদক, কবি নিৰুপমা দত্তই ‘ভাৰতত প্ৰতিবাদী কাব্যৰ বিকাশ ধাৰা’শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে।

দত্তই কয় যে কবিতাৰ মাধ্যমৰে প্ৰতিবাদৰ ধাৰা ভাৰতত পূৰ্বৰে পৰা চলি আহিছে।এনে প্ৰতিবাদী ধাৰাই একোটা গণ আন্দোলনক বিশেষ গতি প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে।

Related News