NORTHEAST NOW (Assamese)

লাভ জেহাদ! মুছলমান যুৱকে হিন্দু পৰিচয়েৰে যুৱতীক পলুৱাই নি নিৰ্যাতন চলোৱাৰ অভিযোগ

December 11, 2021 12:20 pm · মৃদুল প্রীতম ডেকা, কামৰূপ
ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা! হিন্দু পৰিচয়েৰে এজন মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উঠিছে। ঘৰত উপস্থিত হোৱাৰ পাছত হে ওৰহী গছৰ ওৰ ওলায়।

সেয়াই নহয়, তাৰ পাছত অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ লগতে হিন্দু যুৱতী গৰাকীক বলপূৰ্বক ধৰ্মান্তকৰণ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। তদুপৰি,  হিন্দু ধর্মৰ পৰিপন্থী খাদ্য খাবলৈ যুৱতী গৰাকীক হেঁচা দিয়াৰ অভিযোগো কৰা হৈছে।

এই ঘটনা কামৰূপৰ বংশৰৰ। বংশৰৰ এঘৰত শিপিনী হিচাপে কৰ্মৰত হৈ থকা তামোলপুৰ এই গৰাকী যুৱতীগৰাকীৰ ৰং নম্বৰত চিনাকি হৈছিল লখিমপুৰৰ বগলীযানৰ সঞ্জু খানৰ সৈতে।

Also Read: Encounter: বিশ্বনাথত পুৱতি নিশা আৰক্ষীৰ গুলীত গুৰুতৰভাবে আহত দুৰ্ধৰ্ষ ডকাইত ভুত্তু

যুৱকজনে নিজকে হিন্দু বঙালী যুৱক বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাই পলুৱাই নিয়াৰ পাছতহে পোহৰলৈ আহিল যে যুৱকজন আচলতে মুছলমান সম্প্ৰদায়ৰহে।  

অভিযোগ অনুসৰি, যুৱতীগৰাকী থাকিবলৈ অমান্তি হোৱাত মোবাইল কাঢ়ি লৈ গৈছিল যুৱতী গৰাকীৰ। তাৰ পাছত লখিমপুৰ পৰা কোনোমতে পলাই আহি পুনৰ বংশৰ পালে যুৱতী গৰাকী।

যুৱতীগৰাকী এইদৰে পলাই অহাৰ পাছত যুৱতী গৰাকীৰ অশ্লীল ফটো ফেচবুকত দিয়াৰ ভাবুকি দিয়াৰ লগতে যুৱতী গৰাকীক নিবলৈ পুনৰ বংশৰৰ ভাড়া ঘৰ আহি ওলায় যুৱক জন।

Also Read:Big Land Scam:মুখ্যমন্ত্ৰীৰ পত্নী আইনৰ কি ধাৰাত গ্ৰেপ্তাৰ হ’ব লাগে? ক’লে অখিল গগৈয়ে

তাৰ পাছতে শুৱালকুছি আৰক্ষীক গতাই দিয়া হয় যুৱকজনক। আৰক্ষীয়ে যুৱকজনক আটক কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Related News