ইছলাম বা মুছলমান মানুহক পাঞ্চ মৰাৰ লগতে আক্ৰমণৰ ভাবুকি প্ৰদান কৰাৰ সাম্প্ৰদায়িক নেতা সত্য ৰঞ্জন বৰাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুছলিম ছাত্ৰ সন্থা, অসম-এ।
বিজেপি তথা আৰ এছ এছৰ একাংশ নেতাই অসমত হিন্দু মুছলিমৰ মাজত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰি আছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে সাম্প্ৰদায়িক নেতা সত্য ৰঞ্চন বৰাক গ্ৰেপ্তাৰৰ দাবী তুলিছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত তেওঁ আৰু কয় যে, হিন্দু মুছলমানৰ মাজৰ ভাতৃত্ববোধ বিনষ্ট কৰাৰ পৰিকল্পনা কৰাত বিজেপি তথা নাগপুৰীয়াসকলে সহযোগ কৰি আহিছে।
সেয়ে সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থা, অসমৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে অসমৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
ইফালে সংগঠনটোৱে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মূখ্যমন্ত্ৰীক ২৪ ঘণ্টাৰ ভিতৰত সত্য ৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।
অন্যথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিছে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে।
এনে অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ অসমবাসীক আহ্বান জনায় আৰু শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলিও মন্তব্য কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে।