• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেৰণাদায়ক অভিভাৱকঃ ছৰফৰাজৰ পিতৃলৈ ‘থাৰ’ উপহাৰ আনন্দ মহিন্দ্ৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 8:36 pm
Sarfaraz Khan Naushad Khan Anand Mahindra
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডৰ বিপক্ষে চলিত ৰাজকোট টেষ্টত কালি ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল যুৱ তাৰকা ছৰফৰাজ খানৰ। শেহতীয়া দুই-তিনিটা ছিজনত দুৰন্ত প্ৰদৰ্শনেৰে সুযোগৰ সন্ধানত থকা ছৰফৰাজে কালিৰ সুযোগ কাৰ্যকৰী কৰি ৬২ ৰাণৰ এক প্ৰশংসনীয় ইনিংছ খেলে।

উদীয়মান তাৰকাগৰাকীয়ে নিজৰ ইনিংছ দীঘলীয়া কৰাৰ সম্ভাৱনা গঢ়ি তুলিছিল যদিও ক্ৰীজত তেওঁৰ লগত বেটিং কৰি থকা ৰবীন্দ্ৰ জাদেজাৰ এটি ভুলৰ বাবে দুৰ্ভাগ্যৱশতঃ ৰাণ আউট হয় ছৰফৰাজ। অৱশ্যে ৬২ ৰাণৰ ইনিংছটোৰেই তেওঁ ক্ৰিকেট বিশ্বত প্ৰশংসা বুটলিছে।

Apply Now

ভাৰতীয় দলৰ হৈ অভিষেকৰ মুহূৰ্তত কালি ছৰফৰাজক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেই ভাৰতীয় দলৰ কেপ প্ৰদান কৰে। এই ক্ষণত আৱেগত উঠলি উঠে ষ্টেডিয়ামত উপস্থিত থকা ছৰফৰাজৰ পিতৃ নৌছাদ খান। পুত্ৰৰ সাফল্যত গৌৰৱান্বিত নৌছাদ খানৰ সেমেকি উঠে দুচকু।

উল্লেখ্য যে, ছৰফৰাজৰ এই ক্ৰিকেটীয় যাত্ৰাত পিতৃ নৌছাদ খানৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। পিতৃ নৌছাদৰ ভাৰতীয় দলৰ হৈ খেলাৰ স্বপ্ন আছিল যদিও সেয়া বাস্তৱায়িত কৰাত তেওঁ ব্যৰ্থ হৈছিল আৰু পুত্ৰৰ দ্বাৰাই এই আশাক সাকাৰ ৰূপ দিয়াৰ চেষ্টাত ব্ৰতী হৈছিল নৌছাদ খান।

সেই অনুসৰি তেওঁ দুই পুত্ৰ ছৰফৰাজ আৰু মুছিৰক গঢ়ি তুলিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰমাণ কৰিব পৰাকৈ যোগ্যৱান। কালি বৰপুত্ৰ ছৰফৰাজে ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ মুছিৰেও সদ্যসমাপ্ত ১৯ অনুৰ্ধ বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

দুই পুত্ৰৰ সাফল্যত ছাঁৰ দৰে থকা পিতৃ নৌছাদ খানে সেয়ে স্বাভাৱিকতেই লাভ কৰিছে সকলোৰে সন্মান। তাৰ মাজতে আজি দেশৰ প্ৰখ্যাত উদ্যোগপতি আনন্দ মহিন্দ্ৰাই নৌছাদ খানৰ এনে প্ৰেৰণাদায়ক অভিভাৱকৰ ভূমিকাত মুগ্ধ হৈ এখন নতুন ‘থাৰ’ বাহন উপহাৰ দিয়াৰ ইচ্ছা প্ৰকাশ কৰে।

আজি এক টুইট যোগে মহিন্দ্ৰাই এই বিষয়ে সদৰী কৰি নৌছাদ খানে এই উপহাৰ গ্ৰহণ কৰিলে তেওঁৰ বাবে এয়া অত্যন্ত সৌভাগ্য আৰু সন্মানৰ কথা হ’ব বুলি উল্লেখ কৰে। কঠোৰ পৰিশ্ৰম, সাহস, ধৈৰ্যৰ গুণতকৈ এজন পিতৃয়ে সন্তানক প্ৰেৰণা যোগাব পৰা উত্তম গুণ কি হ’ব পাৰে বুলি প্ৰশংসা কৰে মহিন্দ্ৰাই।

 

“Himmat nahin chodna, bas!”

Hard work. Courage. Patience.

What better qualities than those for a father to inspire in a child?

For being an inspirational parent, it would be my privilege & honour if Naushad Khan would accept the gift of a Thar. pic.twitter.com/fnWkoJD6Dp

— anand mahindra (@anandmahindra) February 16, 2024

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd