সেনা অভ্যুত্থানৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই ম্যানমাৰত দুই সাংবাদিকক কাৰাদণ্ড

myanmar_06-02-2021-750x375

ম্যানমাৰত সামৰিক জুণ্টাই আজি দুজনকৈ সাংবাদিকক কাৰাদণ্ডৰে দণ্ডিত কৰে।সাংবাদিক দুগৰাকীয়ে ম্যানমাৰত সামৰিক অভুত্থানৰ বিষয়ে খবৰ প্ৰকাশ কৰিছিল। তেওঁলোক দুয়োৰে বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ অনা হৈছিল।

আজি ম্যানমাৰৰ য়েইক চহৰৰ এখন আদালতে সাংবাদিক আং য়াক আৰু জো জো নামৰ সাংবাদিক দুজনক কাৰাদণ্ড বিহে। সাংবাদিক আং য়াক ম্যানমাৰৰ ডেম’ক্ৰেটিৰ ভইচ অৱ বাৰ্মাৰ সাংবাদিক আৰু জো জো মিজিমা নিউজ নামৰ প’ৰ্টেলটোৰ সাংবাদিক।

এসপ্তাহ আগলৈকে তেওঁলোক দুয়োৱে সেনা শাসকৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰি আছিল।

ইপিনে সাংবাদিকক কাৰাদণ্ড বিহাৰ বিৰুদ্ধে সাংবাদিকৰ সংগঠন চিপিজেৰ দক্ষিণ পূৱ এছিয়াৰ প্ৰতিনিধি শ্বন ক্ৰিছপিনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ম্যানমাৰত সামৰিক জুণ্টাই বাক স্বাধীনতা খৰ্ব কৰা বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য ১২ মে’ৰ দিনাও জুণ্টাই ডেম’ক্ৰেটিৰ ভইচ অৱ বাৰ্মাৰ সাংবাদিক মিন নিঅ’ক কাৰাদণ্ড বিহিছিল।

২৫ মে’ৰ দিনা সেনাই দেশ খনত কৰ্মৰত মাৰ্কিন সাংবাদিক ডেনী ফেনষ্টাৰক য়াংগুন বিমানবন্দৰৰ পৰা আটক কৰিছিল।

চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যুত্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।

চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।

জুণ্টাই ইতিমধ্যে ৮০০ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেতা-অভিনেত্ৰী, মডেল , চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।