NORTHEAST NOW (Assamese)

মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিলে এন বীৰেণ সিঙে

March 21, 2022 4:26 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 21, 2022 4:27 pm

মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাবে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি এন বীৰেণ সিঙে শপত গ্ৰহণ কৰে।

ইম্ফলত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এন বীৰেণ সিঙে শপত গ্ৰহণ কৰে।

দেওবাৰে অনুষ্ঠিত এখন বৈঠকত সিঙক সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অন্যান্য বিজেপি নেতাৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে এন বীৰেন সিঙে শপত গ্ৰহণ কৰে।

উল্লেখ্য কালি এন বীৰেন সিঙে ৰাজ্যপাল গণেশনক সাক্ষাৎ কৰে আৰু ৰাজ্যিক বিধানসভাত চৰকাৰ গঠনৰ দাবী জনাইছিল।

এন বীৰেন সিঙৰ সৈতে কেন্দ্ৰীয় বিজেপি নেতাসকলৰ এটা জ্যেষ্ঠ প্ৰতিনিধিৰ দলে ৰাজ্যপালক সাক্ষাৎ কৰিছিল।
উক্ত প্ৰতিনিধি দলটোত আছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আইন মন্ত্ৰী কিৰেন ৰিজুজু।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিত ৰাজধানী ইম্ফলত অনুষ্ঠিত বৈঠকত এন বীৰেণ সিঙক বিধায়িনী দলৰ নেতা হিচাবে নিৰ্বাচিত কৰা হৈছিল।

বিজেপিৰ ৰাজ্যিক বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে সিঙে দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল।

ভাৰতীয় জনতা পাৰ্টীয়ে শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনত ৬০ জনীয়া সদনত ৩২ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যখনত ক্ষমতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। মণিপুৰত কংগ্ৰেছে পাঁচখন আসন ,এনপিপিয়ে সাতখন ,নাগা পিপলছ ফ্ৰণ্টে পাঁচখন ,কুকি পিপলছ এলায়েন্সে দুখন আসন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে তিনিখন আসন লাভ কৰিছিল।

Related News