• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কা-ৰ বিষয়ে দহটা বাক্য কওক”, ৰাহুল গান্ধীক প্ৰত্যাহ্বান জে পি নড্ডাৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
January 4, 2020 8:59 pm
JP Nadda’s challenge to RaGa

জে পি নাড্ডা, গুৱাহাটীত শনিবাৰে। ছবি সৌজন্য-- টুইটাৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যবাহী সভাপতি জে পি নাড্ডাই শনিবাৰে গুৱাহাটীত বুথ-পৰ্য্যায়ৰ কাৰ্য্যকৰ্তাৰ সভাত নাগৰিকত্ব (সংশোধন) আইনক লৈ কংগ্ৰেছ বিশেষকৈ ৰাহুল গান্ধীক চোকা আক্ৰমণ কৰিছে।

কা-ৰ বিষয়ে দহটা বাক্য আৰু আপোনাৰ (ৰাহুল গান্ধীৰ) ইয়াত আপত্তিক লৈ দুটা বাক্য কওক, মোদী চৰকাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীজনৰ কংগ্ৰেছ নেতাজনক প্ৰত্যাহ্বান।

Apply Now

ৰাহুল গান্ধীক পক্ষপাতদুষ্ট বুলি অভিহিত কৰি বিজেপি নেতাজনে কয় যে কংগ্ৰেছৰ কাৰণে দেশতকৈ ভোট ডাঙৰ, কিন্তু তেওঁলোকৰ বাবে দেশ ভোট আৰু ৰাজনীতিৰ ঊৰ্ধ্বত।

“তেওঁলোকে (কংগ্ৰেছ) কৈ আছে পাছপ’ৰ্ট বিচৰা হ’ব, আধাৰ কাৰ্ড বিচৰা হ’ব ইত্যাদি। এইবোৰ কা-ৰ বিষয়ে অজ্ঞতা। আমি নাগৰিকত্ব দিব খুজিছো, কা-ৰ যোগেদি কাৰো নাগৰিকত্ব কাঢ়িব খোজা নাই,” নাড্ডাই কয়।

কা-ৰ যোগেদি কোনো নতুন মানুহ নাহে বুলি উল্লেখ কৰি নাড্ডাই কয় যে কংগ্ৰেছৰ দিনৰ পৰাই দেশত থকাসকলকহে কেৱল নাগৰিকত্ব দিব খোজা হৈছে।

“আমি কেৱল সেই লোকসকলক মৰ্য্যাদা সহকাৰে জীয়াই থকাৰ এক সুযোগ দিছো।”

LIVE: Shri @JPNadda addresses Booth Sammelan in Guwahati, Assam. https://t.co/EihsRC8drk

— BJP (@BJP4India) January 4, 2020

কা-ই সামৰি লোৱা চুবুৰীয়া দেশকেইখনত সংখ্যালঘুক নিপীড়নৰ প্ৰসংগত বিজেপি নেতাজনে তাত হ্ৰাস পোৱা শিখ আৰু হিন্দু জনসংখ্যাৰ উদাহৰণ দাঙি ধৰে।

“আগতে আফগানিস্তানত ৫০হাজাৰ শিখ আছিল, এতিয়া ২০০০ আছে। পাকিস্তানত ২৩ শতাংশ হিন্দু আছিল, এতিয়া আছে মাত্ৰ ৩ শতাংশ। সেই ২০ শতাংশ ক’লৈ গ’ল?” তেওঁৰ প্ৰশ্ন।

পাকিস্তানত অসুবিধা পোৱাসকলক ভাৰতলৈ ঘূৰি আহিবলৈ মহাত্মা গান্ধীয়ে জনোৱা আহ্বানৰ উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে কা যুক্তিযুক্ত বুলি অভিহিত কৰে।

“জৱাহৰলাল নেহৰুৱেও কৈছিল যে পাকিস্তানত নিপীড়িতসকলক সহায় কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব,” তেওঁ কয়।

নাড্ডাই সভাত উপস্থিত থকা বিপুলসংখ্যক বুথ-পৰ্য্যায়ৰ সভাপতি আৰু কৰ্মীক অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে বিজেপিয়ে হৈছে ভাৰতৰ একমাত্ৰ দল যি এক আদৰ্শ মানি চলে আৰু তাৰ ভিত্তিত দেশৰ উন্নতিৰ কাৰণে পৰিৱৰ্তন আনিব খোজে।

ভাৰতীয় সংসদে পাছ কৰা আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি অনুমোদিত আইনখনক লৈ অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ হৈছে।

আইনখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, জৈন, পাৰ্ছি, বৌদ্ধ আৰু খ্ৰীষ্টান লোকক নাগৰিকত্ব প্ৰদান কৰিব খুজিছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd