NORTHEAST NOW (Assamese)

বিবাহস্থলীত স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ লৈ ফুৰা দৰা-কইনাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নাগালেণ্ড আৰক্ষীয়ে

November 12, 2019 8:15 pm · এন ই নাও নিউজ
Updated: November 12, 2019 8:17 pm

বিবাহস্থলীত মুকলিকৈ অস্ত্ৰ লৈ ফটোৰ বাবে বিভিন্ন ভংগি দিয়া নাগালেণ্ডৰ দৰা-কইনাযোৰাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নাগালেণ্ড আৰক্ষীয়ে।

দৰা-কইনাৰ অস্ত্ৰ-প্ৰীতিৰ ঘটনাটোৰ ছবি আৰু ভিডিঅ’ হোৱাটছ এপ, আৰু অন্যান্য ডিজিটেল মাধ্যমত বিয়পি পৰাৰ পিছত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান টি জং লংকুমেৰে ডিমাপুৰৰ আৰক্ষী আয়ুক্তগৰাকীক দৰা-কইনাৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

“আমি দৰা আৰু কইনাৰ ফটোবোৰ দেখিছো। মই আৰক্ষী আয়ুক্তক আইনী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছো। তেওঁ মোক সোনকালেই ইয়াৰ বিষয়ে জনাব”, ইণ্ডিয়ান এক্সপ্ৰেছত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানৰ উদ্ধৃতি।

৯ নৱেম্বৰত হোৱা এই বিয়াখন অনুষ্ঠিত হৈছিল ডিমাপুৰৰ পাঁচ মাইলত আৰু দৰা-কইনা দুয়ো দুটা এ কে চিৰিজৰ (এ কে ৫৬ আৰু এম ছিক্সটীন) স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ লৈ প’জ দিছিল।

দৰা আৰু কইনা দুয়ো নাগা সশস্ত্ৰ বিদ্ৰোহী গোট এন এছ চি এন য়ুনাইটেডৰ দুজন জ্যেষ্ঠ মন্ত্ৰীৰ পুতেক আৰু জীয়েক। দৰাৰ দেউতাক বহ’ট’ কিবা সংগঠনটোৰ গৃহ মন্ত্ৰী।

উল্লেখ কৰিব পাৰি যে প্ৰায় ৫ দশক ধৰি সশস্ত্ৰ বিদ্ৰোহ কৰা নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত চলাই অন্তিম পৰ্য্যায়ত উপনীত হৈছে। শান্তি আলোচনাৰে সশস্ত্ৰ বিদ্ৰোহৰ সামৰণি পৰিবলৈ ওলোৱাৰ সময়তে এই মুকলি অস্ত্ৰপ্ৰীতি এটা প্ৰশ্নৰ বিষয় হৈ পৰিছে।

দৰাৰ পিতাক আৰু এন এছ চি এন (য়ুনাইটেড)-ৰ শক্তিশালী নেতা বহ’ট’ কিবাৰ বিৰুদ্ধে পূৰ্বেও সাংবাদিকক ভাবুকিকে ধৰি বিতৰ্কিত কাৰ্য্যত লিপ্ত হোৱাৰ অভিযোগ আছে।

২০০৭ চনত এন এছ চি এন (য়ুনাইটেড) গঠন হৈছিল এন এছ চি এন (আই এম) আৰু এন এছ চি এন (কে)ৰ মাজত হোৱা বিভাজন আঁতৰাই একগোট কৰাৰ উদ্দেশ্য লৈ।

Related News