• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিবাহস্থলীত স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ লৈ ফুৰা দৰা-কইনাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নাগালেণ্ড আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
ক'হিমা , November 12, 2019 8:17 pm

2 min read

2.4k
VIEWS
Share on FacebookShare on Twitter

বিবাহস্থলীত মুকলিকৈ অস্ত্ৰ লৈ ফটোৰ বাবে বিভিন্ন ভংগি দিয়া নাগালেণ্ডৰ দৰা-কইনাযোৰাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নাগালেণ্ড আৰক্ষীয়ে।

দৰা-কইনাৰ অস্ত্ৰ-প্ৰীতিৰ ঘটনাটোৰ ছবি আৰু ভিডিঅ’ হোৱাটছ এপ, আৰু অন্যান্য ডিজিটেল মাধ্যমত বিয়পি পৰাৰ পিছত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান টি জং লংকুমেৰে ডিমাপুৰৰ আৰক্ষী আয়ুক্তগৰাকীক দৰা-কইনাৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

“আমি দৰা আৰু কইনাৰ ফটোবোৰ দেখিছো। মই আৰক্ষী আয়ুক্তক আইনী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছো। তেওঁ মোক সোনকালেই ইয়াৰ বিষয়ে জনাব”, ইণ্ডিয়ান এক্সপ্ৰেছত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানৰ উদ্ধৃতি।

৯ নৱেম্বৰত হোৱা এই বিয়াখন অনুষ্ঠিত হৈছিল ডিমাপুৰৰ পাঁচ মাইলত আৰু দৰা-কইনা দুয়ো দুটা এ কে চিৰিজৰ (এ কে ৫৬ আৰু এম ছিক্সটীন) স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ লৈ প’জ দিছিল।

দৰা আৰু কইনা দুয়ো নাগা সশস্ত্ৰ বিদ্ৰোহী গোট এন এছ চি এন য়ুনাইটেডৰ দুজন জ্যেষ্ঠ মন্ত্ৰীৰ পুতেক আৰু জীয়েক। দৰাৰ দেউতাক বহ’ট’ কিবা সংগঠনটোৰ গৃহ মন্ত্ৰী।

উল্লেখ কৰিব পাৰি যে প্ৰায় ৫ দশক ধৰি সশস্ত্ৰ বিদ্ৰোহ কৰা নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত চলাই অন্তিম পৰ্য্যায়ত উপনীত হৈছে। শান্তি আলোচনাৰে সশস্ত্ৰ বিদ্ৰোহৰ সামৰণি পৰিবলৈ ওলোৱাৰ সময়তে এই মুকলি অস্ত্ৰপ্ৰীতি এটা প্ৰশ্নৰ বিষয় হৈ পৰিছে।

দৰাৰ পিতাক আৰু এন এছ চি এন (য়ুনাইটেড)-ৰ শক্তিশালী নেতা বহ’ট’ কিবাৰ বিৰুদ্ধে পূৰ্বেও সাংবাদিকক ভাবুকিকে ধৰি বিতৰ্কিত কাৰ্য্যত লিপ্ত হোৱাৰ অভিযোগ আছে।

২০০৭ চনত এন এছ চি এন (য়ুনাইটেড) গঠন হৈছিল এন এছ চি এন (আই এম) আৰু এন এছ চি এন (কে)ৰ মাজত হোৱা বিভাজন আঁতৰাই একগোট কৰাৰ উদ্দেশ্য লৈ।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd