• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অগপৰ নেতা-কৰ্মীয়ে : ২০২১ত নগাঁও সদৰ সমষ্টি অগপক লাগিব

"মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে", নগাঁও অগপ

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
December 5, 2020 7:21 pm
IMG_20201205_181827
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাথো চাৰিটা মাহ বাকী থকা অৱস্থাত বৰ্তমানৰ ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ দুই অংশীদাৰ বিজেপি আৰু অগপৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

বিষেশকৈ মৰিগাঁও আৰু খুমটাইত অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি বুজনসংখ্যক অগপ নেতা কৰ্মীয়ে ইতিমধ্যে পদত্যাগ কৰাৰ পিছত এইবাৰ নগাঁৱতো দলীয় নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নেতা-কৰ্মী।

Apply Now

আজি নগাঁও সদৰ বিধান পৰিষদৰ অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাত বহু কেইগৰাকী জেষ্ঠ নেতা-কৰ্মীয়ে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীসহ দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দেখা যায়।

সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ বিধান পৰিষদৰ কেবাগৰাকী নেতাই ক্ষোভেৰে কয়— আমাৰ দলীয় নেতৃত্ব‌ই বিজেপিৰ লগত সনা-পিটিকা কৰি অগপক দুৰ্বল কৰিব বিচাৰিছে। আঞ্চলিক দল হিচাপে অগপৰ নেতৃত্বই মিত্ৰতাৰ ক্ষেত্ৰত সৰৱ হোৱা উচিত আছিল। কিন্তু তেওঁলোকে সেইটো কৰিব বিচৰা নাই।

নগাঁও বিধান পৰিষদৰ সভাপতি গোলাম মহিব্বুদিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয় – অসম গণ পৰিষদক অসমৰ ৰাইজে গঠন কৰি দিয়া আঞ্চলিক দল। এই দলে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কাম কৰি যাব লাগিব। এই ক্ষেত্ৰত আমি কোনোৱেই যাতে পিছ হুহুকি নাহো তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ভাষণ প্ৰসঙ্গত তেওঁ দলৰ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ নেতা-কৰ্মীয়ে অগপক শক্তিশালী কৰি তুলিব লাগিব বুলি মন্তব্য কৰে।

আজিৰ সভাই এক প্ৰস্তাৱ যোগে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টি বিজেপিয়ে অগপক এৰি দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰস্তাৱত উল্লেখ কৰে যে অগপৰ জন্ম লগ্নৰে পৰাই নগাঁও সদৰ সমষ্টিত দলটোৰ সংগঠন শক্তিশালী হৈ আছে। ১৯৮৫, ১৯৯৬, ২০০১ আৰু ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল।

সমষ্টিটোত অগপ দলৰ শক্তিশালী গন ভিত্তি থকাৰ পিছতো অগপ নেতৃত্বতৰ দুৰ্বলতাৰ বাবেই নগাঁও সদৰ সমষ্টি ২০১৬ত বিজেপি দলে লাভ কৰিলে। এতিয়া মিত্ৰজোটৰ চৰকাৰ চলি থকাৰ পিছতো বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে অগপ দলৰ কৰ্মীসকলক গুৰুত্ব দিব নিবিচাৰে। সেয়ে অহা নিৰ্বাচনত নগাঁও সদৰ সমষ্টি অগপ দলক এৰি দিবৰ বাবে অগপ নেতৃত্বক আজিৰ সভাই দাবী জনায়।

যদিহে এই প্ৰস্তাৱ কাৰ্যকৰী কৰা নহয়, তেন্তে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সভাই প্ৰস্তাৱ যোগে অগপ নেতৃত্বক সতৰ্ক কৰি দিয়ে। এই ক্ষেত্ৰত সভাই অগপ নেতৃত্বৰ পৰা নিদিষ্ট সময়ৰ ভিতৰত উত্তৰ বিচাৰিছে।

সভাই আন এক প্ৰস্তাৱ যোগে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাত বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰ চুড়ান্ত ব্যৰ্থ হৈছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বণিক গোষ্ঠীৰ লগত চৰকাৰে গোপন বুজা বুজি কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

সভাই অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ছয় নং দফা কাৰ্যকৰী কৰিবলৈ দাবী জনায়।

তদুপৰি সভাই বৰ্তমানৰ চৰকাৰে ক্ষমতালৈ আহিলে ভাৰত বাংলাদেশ সীমা চীল কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও ৰাজনৈতিক স্বাৰ্থত এই কাম কৰা নাই বুলি অভিযোগ কৰে।

সভাত অগপৰ নগাঁও জিলা পৰিষদৰ সাধাৰণ সম্পাদক সুজিত দাস , জেষ্ঠ নেতা মহেশ দাস, পৰান গোহাঁই, গোলাপ শইকীয়া, দেৱাজ আকবৰ , কুলেন বৰা, ভৱ বৰা আৰু নগাঁও সদৰ বিধান পৰিষদৰ সধাৰন সম্পাদক দ্বয় – ভূপেন দাস, বিনোদ বৰুৱা আদিয়ে অংশ গ্ৰহণ কৰে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd