• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১টাকৈ এনকাউণ্টাৰ, ২৮ কোটি টকাৰ হিৰইন জব্দ, ড্ৰাগছৰ গোচৰত ৫৫৫ জনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ

মিন্টু দাস, নগাঁও by মিন্টু দাস, নগাঁও
December 31, 2021 7:33 am
Nagaon Police
130
VIEWS
Share on FacebookShare on Twitter

জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ব্যবসায়কে ধৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে। নগাঁও আৰক্ষীয়ে এই ধাৰাবাহিক অভিযানৰ সময়ত আশাতীত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

এই অভিযানৰ সময়ত বৃহৎ পৰিমানৰ ড্ৰাগছ ,মাৰানাস্ত্ৰকে ধৰি অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ইতিমধ্যে ড্ৰাগছ সংক্ৰান্তীয় গোচৰত ৫৫৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই সংক্ৰান্তত ২৫৮ টা গোচৰ ৰুজু হৈছে। ইয়াৰ ভিতৰত ২৩০ টা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে।

আৰক্ষীয়ে এই সময়ছোৱাত প্ৰায় ৪ কিলোগ্ৰাম হেৰইন জব্দ কৰিছে। জব্দকৃত হেৰইনখিনিৰ মূল্য প্ৰায় ২৮ কোটি টকা।

তদুপৰি, ৩৩০ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে।জব্দ কৰা ব্ৰাউন চুগাৰৰ মূল্য প্ৰায় ৩ কোটি টকা। ২০৪ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে। নগাঁও আৰক্ষীয়ে ৪ লাখ ১৯ হাজাৰ নিচাযুক্ত কেপচুল জব্দ কৰাৰ লগতে ১৪ হাজাৰ ৫৩৭ বটল কফ চিৰাফ জব্দ কৰিছে। ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে ৮লাখ ৬১ হাজাৰ ৬৬১ টকা নগদ ধন জব্দ কৰিছে। ইয়াৰোপৰি ৫৫৬ খন গাড়ী জব্দ কৰিছে।

এই সময়খিনিত আৰক্ষীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হপকিঞ্চনক গ্ৰেপ্তাৰ কৰিছিল। অসমৰ ভিতৰত নগাঁও জিলাতে প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ গুলীত আহত হৈছিল মনচুৰ আলী নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়া।

যোৱা ২৯ মে’ত এই ঘটনা সংঘটিত হৈছিল। এই দুইটা অভিযান নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত হৈছিল। আৰক্ষীয়ে মনচূৰ আলীৰ পৰা পিষ্টল আৰু চাৰি বাকচ হেৰইন জব্দ কৰিছিল।

তদুপৰি, ১১ টা এনকাউন্টাৰৰ ঘটনা বিগত সময়ছোৱাত নগাঁও আৰক্ষীৰ দ্বাৰা সংঘটিত হৈছে।

আনহাতে, নগাঁও আৰক্ষীয়ে এটা বছৰত ১০৭৮ টা চোৰাংভাবে সৰবৰাহ কৰিব বিচৰা গৰু,৭৮ খন গাড়ী জব্দ কৰে। গৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত ১৭৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।এই সম্পৰ্কত ৪৯ টা গোচৰ ৰুজু হৈছে।

একেদৰে নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত ১৯ টা আগ্নেয়াস্ত্ৰ (ৰাইফল/পিষ্টল),৬৬ ৰাউণ্ড গুলী জব্দ কৰিছে। অপৰাধজনিত ঘটনাৰ লগত জড়িত ৬০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।ইয়াৰে ৩৮ জন ডকাইতিৰ ঘটনাৰ লগত জড়িত। এই সম্পৰ্কত ৩৬ টা গোচৰ ৰুজু হৈছে।

নগাঁও আৰক্ষীয়ে আজি পৰ্যন্ত যানবাহন আইন নমনা লোকৰ পৰা ১ কোটি ১৫ লাখ ৭৪ হাজাৰ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰিছে। ১৫ খন চুৰি গাড়ী-মটৰচাইকেল উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে ২০২১ বৰ্ষত নগাঁও জিলা আৰক্ষীৰ এলেকাত এটাও গঁড় হত্যা,গঁড় চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই। বৰঞ্চ আৰক্ষীয়ে জনথান ওৰফে থানবয় নামৰ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত পইচা বনোৱা মেচিন, নকল টকা, নকল সোণ আদিও জব্দ কৰিবলৈ সক্ষম হৈছিল। নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত ১৩৬ টা চুৰি হোৱা মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছিল।

এই সময়চোৱাৰ ভিতৰত নগাঁও আৰক্ষীয়ে বহু কেইজন মাটিৰ দালাল , ভূ-মাফিয়া , সুদখোৰ ব্যবসায়ী , নাৰী দেহৰ ব্যবসায়ীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কেবাটাও নাৰী দেহৰ ব্যবসায় ঘাটি উৎখাত কৰাৰ লগতে চোৰাং গৰু সৰবৰাহ , অবৈধ কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা অৰ্জন কৰিছে ।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd