গৰুৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ নাগৰিক সুৰক্ষা মঞ্চ, অসমৰ

বিহাৰৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীক সহায় কৰিছে কোনে?

ৰাজ্যত চলি থকা গৰুৰ চোৰাং তথা অবৈধ সৰবৰাহ বন্ধ কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে নাগৰিক সুৰক্ষা মঞ্চ, অসমে ৷ এই দাবী জনাই নাগৰিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে স্মাৰক পত্ৰখনত গৰুৰ অবৈধ সৰবৰাহ বা আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ বন্ধ কৰাৰ বাবে ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে গো-সুৰক্ষা আইন সংশোধন কৰি গৰুৰ চোৰাং কাৰবাৰ বা অবৈধ সৰবৰাহৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ এই সিদ্ধান্তক নাগৰিক সুৰক্ষা মঞ্চ, অসমে আদৰণি জনাইছে বুলি উল্লেখ কৰিছে ৷

ইয়াৰ পিচতে অসম আৰক্ষীৰ তৎপৰতাত প্রায় প্রতিদিনে গৰুৰ চোৰাং ব্যৱসায়ী বা সৰবৰাহকাৰী ধৰা পৰা পৰিলক্ষিত হৈছে । সেইদৰে যোৱা ১৯ এপ্রিলত কোকৰাঝাৰত উত্তৰ প্ৰদেশৰ ২ দুধর্ষ গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী অসম আৰক্ষীৰ গুলিত নিহত হৈছে ৷ এনে সফলতাৰ বাবে নাগৰিক সুৰক্ষা মঞ্চ, অসমে অসম আৰক্ষীক ধন্যবাদ জনাইছে। কিন্তু ইয়াৰ বিপৰীতে একে কায়দাৰে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাৰ্যালয়ৰ ওচৰতে বিহাৰৰ পৰা আহি জনৈক মহম্মদ চান্দ নামৰ এজন আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে অসম মেঘালয় সীমান্তৰ বৰ্ণিহাটৰ এক নির্দিষ্ট স্থানত চোৰাংকৈ গৰু সৰবৰাহ কৰি মজুত কৰি পিছত মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চালান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

এই কামত অসমৰ বৰপেটা জিলাৰ  ৰহমান আৰু বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ জনৈক  ইছলাম উপাধিৰ দুজন গো-ব্যৱসায়ীয়ে সহায় কৰি অহা বুলিও স্মাৰক পত্ৰখনত অভিযোগ উত্থাপন কৰিছে ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসম চৰকাৰক গৰুৰ অবৈধ চোৰাং সৰবৰাহ বন্ধ কৰাৰ বাবে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে দাবী জনাইছে ৷

মুখ্যমন্ত্ৰীলৈ ই-মেইলযোগে স্মাৰক পত্ৰখন প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰৰ প্রতিলিপি অসম আৰক্ষীৰ সঞ্চালক প্রধানলৈও প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন শাসকীয় চৰকাৰৰ দিনত ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি থকা গৰুৰ অবৈধ বেহা তথা চিণ্ডিকেট বন্ধ হ’ব বুলি ৰাজ্যবাসীয়ে আশা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত কিন্তু সেয়া হৈ উঠা নাই ৷

বৰ্তমানো ৰাজ্যখনত চলি আছে গৰুৰ চোৰাং বেহা তথা চিণ্ডিকেট ৷ নামনি অসমৰ কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও জিলাৰ মাজেৰেও গৰুৰ চোৰাং সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভিন্ন পক্ষৰ সহযোগিতাত ৷ চলি আছে গৰুৰ সৰবৰাহকলৈ চিণ্ডিকেট ৷

বিভিন্ন পক্ষক মেনেজ কৰি চলি আহিছে অবৈধ বেহা ৷ মাজে সময়তে গৰু সৰবৰাহ কৰা বাহন দুৰ্ঘটনাত পতিত হলেই ওলাই পৰে প্ৰমাণ ৷ সেইদৰে ৰাজ্যখনত ব্ৰয়লাৰ মুৰ্গীৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট , গাহৰিৰ চিণ্ডিকেট আদিও চলি থকাৰ অভিযোগো উত্থাপিত হৈ আহিছে ৷