নলবাৰী বিধানসভা সমষ্টিত শনিবাৰে বিজেপিয়ে সংগঠন পৰ্ব আৰু সদস্যতা অভিযানৰ আৰম্ভ কৰে। এই উপলক্ষে নলবাৰী খাৰজাৰাত দলটোৰ পূব নলবাৰী আৰু নলবাৰী টাউন মণ্ডলৰ উদ্যোগত এখন বিশেষ সভা অনুষ্ঠিত হয়।
পূব নলবাৰী মণ্ডলৰ সভাপতি জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি বনদীপ ডেকাই ভাষণ প্ৰসংগত দলৰ নীতি-আদৰ্শৰ বিষয়ে উল্লেখ কৰে। তেওঁ আগ্ৰহী লোকসকলক ম’বাইল ফোনত মিছ কলৰ দ্বাৰা বিজেপিৰ সদস্য পদ ল’বলৈ আহ্বান জনায়। লগতে যিজন ব্যক্তিয়ে ২৫ গৰাকী নতুন সদস্যক দলত যোগদান কৰাব তেওঁ দলৰ সক্ৰিয় সদস্য হোৱাৰ যোগ্যতা অৰ্জন কৰিব বুলিও ডেকাই উল্লেখ কৰে।
কেইবাশ লোক উপস্থিত থকা সভাখনত বিজেপিৰ ৰাজ্যিক সদস্য মধুৰাম ডেকা, শৰৎ বৰ্মন, সংগঠন পৰ্ব আৰু সদস্যতা অভিযানৰ ৰাজ্যিক আহ্বায়ক অজয় লেখাৰু, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, দলৰ জিলা উপসভাপতি অপূৰ্ব শৰ্মা, টাউন মণ্ডলৰ প্ৰভাৰী ধ্ৰুৱজ্যোতি দত্ত, মিডিয়া আহ্বায়ক জোন কুমাৰ বৰ্মনো উপস্থিত থাকে। সভাৰ শেষত বহুসংখ্যক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে।।