নাছাই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ দৰে এটা গ্ৰহ; বাসস্থানৰ বাবে উপযোগী হোৱাৰ সম্ভাৱনা

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই পৃথিৱীৰ দৰে এটা গ্ৰহ আৱিষ্কাৰ কৰিছে। তেওঁলোকে মহাকাশ টেলিস্কোপৰ সহায়ত পৃথিৱীৰ সমান আকাৰৰ বহিঃগ্ৰহটো (এক্সোপ্লেনেট) আৱিষ্কাৰ কৰিছে! ই সৌৰজগতৰ অতি ওচৰত।

সাধাৰণতে সূৰ্য্যৰ বাহিৰে আন নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহবোৰক বহিঃগ্ৰহ বুলি কোৱা হয়।

স্পেচ ডট কমৰ তথ্য অনুসৰি আৱিষ্কৃত বহিঃগ্ৰহটোৰ নাম গ্লিছ ১২বি। এই গ্ৰহটোৱে এটা সৰু আৰু শীতল ৰঙা চুটি তৰাক প্ৰদক্ষিণ কৰে। পৃথিৱীৰ পৰা গ্ৰহটোৰ দূৰত্ব প্ৰায় ৪০ আলোকবৰ্ষ।

লগতে পঢ়কঃ প্ৰমাণৰ অভাৱ! অভিযুক্ত ৰাম ৰহিমৰ লগতে ৪ জনক দোষমুক্ত কৰিলে আদালতে

নাছাই ট্ৰেনজিটিং এক্স’প্লেনেট চাৰ্ভে উপগ্ৰহৰ দ্বাৰা বহিঃগ্ৰহটো আৱিষ্কাৰ কৰিছে। ইয়াৰ প্ৰস্থ পৃথিৱীৰ প্ৰায় ১.১ গুণ বুলি অনুমান কৰা হৈছে। এই কাৰণে ইয়াক পৃথিৱীৰ উপৰিও শুক্ৰৰ সমান বুলি দাবী কৰা হৈছে।

বহিঃগ্ৰহ Gliese 12b-য়ে ইয়াৰ নক্ষত্ৰটোক অতি ওচৰৰ পৰা প্ৰদক্ষিণ কৰে। পৃথিৱীত প্ৰায় ১২.৮ দিনত এই গ্ৰহৰ এবছৰ সম্পূৰ্ণ হয়। গ্লিজে ১২বি কক্ষপথত ঘূৰি থকা তৰাটো আমাৰ সূৰ্য্যতকৈ সৰু আৰু শীতল। ইয়াৰ নক্ষত্ৰৰ ওচৰত থকা সত্তেও ই তাক দ্ৰুতগতিত প্ৰদক্ষিণ কৰে।

লগতে পঢ়কঃ অসমতে বাথৰুমৰ ভিতৰত কিলবিলাই ফুৰিছে ৩০ টা সাপ! দেখি গা শিয়ৰি উঠা দৃশ্য; ভাইৰেল ভিডিঅ’

বিজ্ঞানীসকলে অনুমান কৰিছে যে এই বহিঃগ্ৰহটো বাসস্থানৰ বাবে উপযোগী হ’ব পাৰে। উল্লেখ্য যে  বিজ্ঞানীসকলে ইয়াৰ পূৰ্বেও এনে বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছিল যদিও এতিয়ালৈকে কোনোটোতে প্ৰাণৰ সম্ভাৱনা মিলা নাই। এতিয়ালৈকে সৌৰজগতৰ বাহিৰত ৫ হাজাৰতকৈও অধিক বহিঃগ্ৰহ আৱিষ্কাৰ কৰা হৈছে।