NORTHEAST NOW (Assamese)

ইছৰোৰ পৰা প্ৰেৰণা লাভ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই

September 8, 2019 10:01 am · এন ই নাও নিউজ

ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ইছৰো)ৰ চন্দ্ৰযান-২ অভিযানৰ প্ৰশংসা কৰিছে আমেৰিকা মহাকাশ সংস্থা নাছাই।

নাছাই লিখিছেঃ ‘’মহাকাশ কঠিন বিষয়। আমি চন্দ্ৰৰ দক্ষিণ কোণত ইছৰোৰ চন্দ্ৰযান-২ অভিযানক নিক্ষেপনৰ প্ৰয়াসক প্ৰশংসা কৰিছো। আপোনালোকে আমাক আপোনালোকৰ এই যাত্ৰাৰে প্ৰেৰণা দিছে।‘’

নাছাৰ পূৰ্বে পাকিস্তানৰ প্ৰথম মহাকাশচাৰী নমিৰা ছেলিমেও ইছৰোৰ ঐতিহাসিক প্ৰয়াসৰ প্ৰশংসা কৰে।

তেওঁ কয়, ‘’চন্দ্ৰযান-২ অভিযান দক্ষিণ এছিয়াৰ কাৰণে মহাকাশ ক্ষেত্ৰত দীঘলীয়া প্ৰয়াস। ই কেৱল দক্ষিণ এছিয়াৰ কাৰণেই নহয়, লগতে সমগ্ৰ বিশ্বৰ মহাকাশ উদ্যোগৰ বাবেই গৌৰৱৰ বিষয়।‘’

তেওঁ লগতে কয়, ‘’মই চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ চন্দ্ৰৰ দক্ষিণ কোণত মসৃন অৱতৰণৰ ঐতিহাসিক প্ৰয়াসৰ বাবে ইছৰো আৰু ভাৰতক অভিনন্দন জনাইছো।‘’

ইয়াৰ মাজতে নমিৰা ছেলিমে কয়,’’ দক্ষিণ এছিয়াৰ মহাকাশ ক্ষেত্ৰত ইমান বৃহৎ অভিজ্ঞতা অভূতপূৰ্ব। ইয়াত কোনখন দেশে নেতৃত্ব দিছে সেইয়া ডাঙৰ কথা নহয়। মহাকাশত সকলো ৰাজনৈতিক সীমা সমাপ্ত হৈ যায়। যিয়ে পৃথিৱীত আমাক ভাগ ভাগ কৰে, মহাকাশে সেইবোৰ পাছ পেলাই আমাক সকলোকে একত্ৰিত কৰে।‘’

উল্লেখ্য যে নমিৰা ছেলিম পাকিস্তানৰ প্ৰথম মহাকাশ বিজ্ঞানী যিয়ে চাৰ ৰিচাৰ্ড ব্ৰেনছন ভাৰ্জিন গেলেক্টিকৰ সৈতে মহাকাশলৈ যাব। চাৰ ৰিচাৰ্ড ব্ৰেনছন ভাৰ্জিন গেলেক্টিক হৈছে পৃথিৱীৰ প্ৰথম বাণিজ্যিক স্পেচলাইন।

ইছৰোই চন্দ্ৰযান-২ অভিযানক ইয়াৰ লক্ষ্যৰ এশ শতাংশ সফলতাৰ নিকট বুলি দাবী কৰে।

আনহাতে, ইছৰোই চন্দ্ৰযান-২ৰ অভিযানৰ পাছত ইয়াৰ পৰৱৰ্তী গগনযান অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে।

Related News