• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কূটাঘাতেৰে জাতিৰ মুক্তি নাহে, কিয় নুবুজে পৰেশ বৰুৱাই

গুৱাহাটীৰ গ্ৰেনে’দ বিস্ফোৰণক গৰিহণা দি জিতেন দত্তৰ ফে’চবুক প’ষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2019 8:55 am
'National liberation does not come through sabotage', says ULFA leader Jiten Dutta while condemning Guwahati grenade blast

আলফা নেতা জিতেন দত্তৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কূটাঘাতেৰে জাতিৰ মুক্তি নাহে, আৰু এই কথাটো পৰেশ বৰুৱাই কিয় বুজি নাপায় বুলি একধৰণৰ আক্ষেপ প্ৰকাশ কৰিছে জিতেন দত্তই।

আলফা-স্বাধীন সংঘটিত গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণক গৰিহণা দি ফে’চবুকত আলোচনাৰত আলফা নেতাজনে এই মন্তব্য কৰিছে।

Apply Now

তেওঁ লগতে কয় এনে ঘটনাই আলফাক গণবিচ্ছিন্ন কৰি বিপ্লৱী সংগঠনৰ পৰা সন্ত্ৰাসবাদী সংগঠনলৈ ৰূপান্তৰিত কৰিছে।

স্বাধীনতাৰ দাবী এৰি ২০০৮ চনত অস্ত্ৰবিৰতি ঘোষণাৰে আলোচনাৰ মেজলৈ অহা দত্তই জাতীয় মুক্তিৰ বাবে গণসংগ্ৰামৰ পোষকতা কৰিছে।

দত্তৰ প’ষ্টটোত পৰেশ বৰুৱাক গণসংগ্ৰামৰ নেতৃত্বলৈ আহ্বান জনোৱা ধৰণৰ এক ইংগিতো আছে।

“কোনোবাই বেয়া পালেও কওঁ যে স্বাধীনতাৰ বিপৰীতে আলফাই অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিত হ’ব পৰাকৈ বাংলাদেশীমুক্ত এখন অসম প্ৰতিষ্ঠা কৰি অসমীয়াই অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী হৈ মূৰ তুলি যাতে জীয়াই থাকিব পাৰে, তাৰ বাবে সংগ্ৰামখনক আগবঢ়াই নিয়ক৷ আমি সকলো সহযোগ কৰিবলৈ প্ৰস্তুত৷”

দত্তৰ পূৰ্বে বৰ্তমান আলোচনাৰত তথা আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াও গ্ৰেনে’দ বিস্ফোৰণটোক গৰিহণা দিছিল।

আলফা নেতাসকলে ঘটনাটোৰ গৰিহণা দিয়াৰ বিপৰীতে পৰেশ বৰুৱাই বিস্ফোৰণটোক “শত্ৰু”ৰ ওপৰত আক্ৰমণৰূপে বৈধতা দিছে।

'National liberation does not come through sabotage', says ULFA leader Jiten Dutta while condemning Guwahati grenade blast
জিতেন দত্তৰ ফে’চবুক প’স্তৰ স্ক্ৰীনশ্বত।

নিজাববীয়া অস্ত্ৰবিৰতি ঘোষণা কৰা ২৮ নং বেতেলিয়নৰ লগতে পৰৱৰ্তী সময়ত বাংলাদেশে ভাৰতক গতাই দিয়া অৰৱিন্দ ৰাজখোৱা, অনুপ চেতিয়াকে ধৰি অধিকাংশ নেতাই বৰ্তমান “আলফা”ৰূপে ভাৰত চৰকাৰৰ সৈতে আলোচনা চলাই আছে।

“ভাৰতীয় সংবিধানৰ আধাৰত অসমলৈ অধিক আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ, অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ আৰু অসমত দ্বি নাগৰিকত্ব”— স্বাধীনতাৰ দাবীৰ সলনি আলফাৰ বৰ্তমান এইকেইটা মূল দাবী বুলি দত্তই পূৰ্বে সদৰী কৰিছিল।

বিপৰীতে, আলফা-স্বাধীনৰ জৰিয়তে পৰেশ বৰুৱা এতিয়াও অসমৰ স্বাধীনতাৰ দাবীত অটল।

“সাৰ্বভৌমত্ব”ৰ প্ৰশ্ন আলোচনা কৰা (/নকৰা)ৰ স্থিতিয়ে আলফা-স্বাঃ (/ ভাৰত)ক মেজৰ পৰা আঁতৰাই ৰাখিছে।

লগতে পঢ়ক– আলফা (স্বাঃ)ৰ অ’ভাৰগ্ৰাউণ্ড ক্ৰিয়াকলাপ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ

লগতে পঢ়ক– বিস্ফোৰণত জড়িত নহয় প্ৰাণময়-জাহ্নৱী, আৰক্ষীয়ে “মে’কিং” কৰিছে

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd