NORTHEAST NOW (Assamese)

দেশত বৃদ্ধি পালে ল’কডাউন : ১৭ মে’ৰ মাজনিশাৰ পৰা বলৱৎ হ’ব চতুৰ্থ পৰ্যায়ৰ ল’কডাউন

May 17, 2020 7:15 pm · কল্পজ্যোতি শইকীয়া
Updated: May 17, 2020 8:26 pm
প্ৰতিনিধিত্বমূলক ফ'টো, উৎস-ইন্টাৰেনট

সমগ্ৰ দেশজুৰি বৃদ্ধি পালে লকডাউন।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ আজি অন্ত পৰাৰ লগে লগে আৰম্ভ হ’ব চতুৰ্থ পৰ্যায়ৰ লকডাউন।

আজি নিশা ১২ বজাৰ পৰা আৰম্ভ চতুৰ্থ পৰ্যায়ৰ ল’কডাউন।

চতুৰ্থ পৰ্যায়ৰ এই ল’কডাউন ১৭ মে’ মাজনিশাৰ ৰপা ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে বুলি এক জাননী যোগে জনাইছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই।

ক’ৰ’ণা ভাইৰাছে যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি এই চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰা বুলি জাননীত উল্লেখ।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰক সম্বোধী দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চতুৰ্থ পৰ্যায় ল’কডাউনৰ চৰিত্ৰ পূৰ্বতৈক পৃথক হ’ব বুলি উল্লেখ কৰিছিল।

অৱশ্যে চতুৰ্থ পৰ্যায়ৰ ল’কডাউনত শ্বপিং ম’ল, চিনেমা হল, জিম, মেট্ৰ’ ৰে’ল, স্কুল-কলেজ, ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় বিমান সেৱা আদি বন্ধ থাকিব।

ইফালে বাৰ, হোটেল সম্পূৰ্ণ বন্ধ থকাৰ বিপৰীতে ৰেষ্ট’ৰেণ্টৰ হোম ডেলিভাৰী খোলা থাকিব।

এছেম্বলী হল, পাৰ্ক, স্প’ৰ্ট কম্পেক্স, ধর্মীয় অনু্ষ্ঠান প্ৰতিষ্ঠান, ৰাজহুৱা সভা আদি সম্পূৰ্ণৰূপে  বন্ধ থাকিব।

আনহাতে দৰ্শক অবিহনে খেল খেলিব পাৰিব।

সামাজিক দূৰত্ব বৰ্তাই ৰাখি আন্তঃৰাজিক বাচ আৰু যাত্ৰীবাহী বাহনসমূহ চলোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে চেলুন আৰু বিউটি পাৰ্লাৰ আদি সম্পৰ্কত ল’কডাউনৰ গাইডলাইনছ কোনো উল্লেখ কৰা নাই।

Related News