NORTHEAST NOW (Assamese)

সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলে NE FOCUS নিউজ প’ৰ্টেলে

August 13, 2018 8:56 pm · অনিৰ্বাণ পাঠক

দুবছৰ সম্পূৰ্ণ হ’ল ইতিবাচক খবৰেৰে সমৃদ্ধ প্ৰথমটো অসমীয়া নিউজ প’ৰ্টেল এন ই ফ’কাচে (ৱেবছাইট NEFOCUS.COM)। নিউজ প’ৰ্টেলটোৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।

যুৱ সাংবাদিক সংগীতা শইকীয়াৰ একক প্ৰচেষ্টাৰে ডিজিটেল সংবাদ ক্ষেত্ৰত সেৱা আগ বঢ়াই অহা এন ই ফ’কাচে সমসাময়িক ইতিবাচক খৱৰৰ লগতে পৰ্যটন, খাদ্য সম্ভাৰ আৰু ব্যৱসায় সম্পৰ্কীয় বা-বাতৰি প্ৰকাশ কৰি আহিছে।

সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত নিউজ প’ৰ্টেলটোৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে ‘গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সাংবাদিকৰ ভূমিকা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানো অনুষ্ঠিত কৰে প্ৰতিষ্ঠানটোৱে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট সমাজকৰ্মী নৰেণ হাজৰিকাই কয়, “সাংবাদিকসকল সমাজৰ একো-একোজন যোদ্ধা। সমাজৰ স্বাৰ্থত তেওঁলোকে কিমান কষ্ট আৰু পংকিল বাটেৰে আগুৱাই যাব লগীয়া হয় সেয়া সহজেই অনুমান কৰিব পাৰি।”

হাজৰিকাই লগতে দেশক আগুৱাই নিবলৈ সাংবাদিকসকলে সু-সাংবাদিকতা কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰণেন গোস্বামীয়ে সংবাদ মাধ্যমৰ ক্ষমতাক লৈ সুন্দৰ বক্তব্য আগ বঢ়ায়। তেওঁ কয়, “সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ সততে প্ৰশ্ন উত্থাপিত হয়। কিন্তু সংবাদ মাধ্যমৰ স্বাধীনতা অবাধ নহয়। ভাৰতৰ সংবিধানে জনসাধাৰণক প্ৰদান কৰা ‘বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ’ৰেই ই এটা অংশ মাথোন।”

অনুষ্ঠানত বিশিষ্ট সাংবাদিক ৰূপম বৰুৱা আৰু লেখিকা মনীষা শৰ্মাও উপস্থিত থাকে।

Related News