• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানত বিপৰ্যস্ত অসম, ক্ষতিগ্ৰস্ত প্ৰায় দুই লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2024 2:46 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে (৩০ মে’) অসমৰ বান পৰিস্থিতিৰ অৱনতি ঘটাত ৯ খন জিলাৰ ১ লাখ ৯৮ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে এই দুৰ্যোগত আন এজনৰ মৃত্ছু হৈছে আৰু মঙলবাৰৰ পৰা মৃত্যুৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে। ৰেমাল ঘূৰ্ণীবতাহৰ পিছত নেৰানেপেৰা বৰষুণৰ ফলত নদীসমূহ উফন্দি উঠিছে।

হাইলাকান্দি জিলাত বানপানীৰ ফলত এজন লোক পানীত ডুব যোৱাৰ লগতে ১৮ জন লোক আহত হয়।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰে যে নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং, আৰু ডিমা হাচাও জিলাই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

কাছাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, ইয়াৰ ফলত ১০২,২৪৬ জন বাসিন্দা আক্ৰান্ত হৈছে, তাৰ পিছতে কৰিমগঞ্জত ৩৬,৯৫৯ জন, হোজাইত ২২,০৫৮ জন, আৰু হাইলাকান্দিত ১৪,৩০৮ জন বাসিন্দা আক্ৰান্ত হৈছে।

ইয়াৰ উপৰিও ৩,২৩৮.৮ হেক্টৰ শস্য ভূমি বিধ্বস্ত কৰাৰ লগতে ২৩৪,৫৩৫ টা জীৱ-জন্তুৰ ক্ষতিসাধন হৈছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি প্ৰধান নদীৰ লগতে ইয়াৰ উপনৈসমূহ কেইবাটাও স্থানত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

৩৫ হাজাৰৰো অধিক লোকে ১১০টা সাহায্য শিবিৰত আশ্ৰয় বিচাৰিছে, য’ত সৰ্বাধিক সংখ্যক লোকে হোজাই (১৯,৬৪৬), কাছাৰ (১২,১১০), হাইলাকান্দি (২,০৬০), আৰু কৰিমগঞ্জ (১,৬১৩)ত আশ্ৰয় বিচাৰিছে।

বানপানীৰ বাবে বৰাক উপত্যকাৰ জিলা আৰু ডিমা হাছাওত জনজীৱন স্তব্ধ হৈ পৰিছে। মাজে মাজে হোৱা বৰষুণ আৰু ধুমুহাই এই অঞ্চল আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।

বৰাক নদী আৰু ইয়াৰ উপনৈ যেনে লংগাই, কুছিয়াৰা, চিংলা, কাটাখাল আদি সকলোবোৰ উফন্দি উঠিছে আৰু কৰিমগঞ্জৰ চাৰিটা মথাউৰিৰ ক্ষতিসাধন কৰিছে।

২০২২ চনত ভয়াৱহ বানপানীৰ সন্মুখীন হোৱা শিলচৰত পানী আৱদ্ধ হোৱাৰ ফলত কেইবাটাও অঞ্চল ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত চলাচল আৰু যাতায়ত ব্যাহত হৈছে।

ডিমা হাছাও জিলা অহৰহবৰষুণৰ ফলত “গুৰুতৰভাৱে প্ৰভাৱিত” হৈছে, যাৰ ফলত পথ সংযোগ বিছিন্ন হৈ পৰিছে।

হাফলং-শিলচৰ পথটো হাৰংগাজাওৰ সমীপত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে, একাধিক ভূমিস্খলনে হাফলং-হাৰংগাজাও পথ বন্ধ কৰি তুলিছে।

উমৰংছ’-লংকা পথৰ বাহিৰে নিশাৰ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে কৰ্তৃপক্ষই।

ভূমিস্খলনৰ বাবে হাফলং-বদৰপুৰ ৰে’লপথত ৰে’ল সেৱা বন্ধ বা হ্ৰাস কৰা হৈছে।

নগাঁৱত বৃদ্ধি পোৱা বৰপানী নদীয়ে চিলডুবিৰ পৰা আমডুবিলৈ পথ আৰু ৰমণিপথাৰ কাঠৰ দলঙৰ ক্ষতিসাধন কৰি পমালি জাৰনিৰ এখন বিদ্যালয় ডুবাই পেলাইছে।

গোলাঘাট জিলাৰ ধনশিৰি নদীও বিপদসীমাৰ ওপৰেৰে বৈ যোৱাৰ ফলত কেইবাটাও নিম্নভূমি অঞ্চল ডুব গৈছে।

শোণিতপুৰত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি অব্যাহত আছে, বহু ঠাইত বিপদৰ সীমাৰ ওপৰেৰে বোৱাৰ খবৰ পোৱা গৈছে।

গুৱাহাটী মহানগৰীত যথেষ্ট পৰিমাণৰ পানী জমা হোৱাৰ ফলত প্ৰচণ্ড বৰষুণৰ বাবে যাতায়তত প্ৰভাৱ পৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, ডিমা হাচাও, ধুবুৰী, আৰু দক্ষিণ শালমাৰা জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে।

তৃতীয় দিনৰ বাবেও ফেৰী সেৱা বন্ধ হৈ আছে, আৰু ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।

মুখ্য সচিব ৰবি কোটাই জিলা উপায়ুক্তসকলক ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ সুৰক্ষা আৰু সুস্থতাক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিছে।

চলি থকা সংকটৰ মোকাবিলা কৰিবলৈ এ এছ ডি এম এ সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি বিভিন্ন বিভাগ আৰু ব্যৱস্থাপনা সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd