হাতত জেভলিন লৈ স্বদেশৰ সন্মান বৃদ্ধিৰ বাবে দূৰত্ব ভেদৰ যুঁজত নমা অলিম্পিক স্বৰ্ণ জয়ী তাৰকা এথলীট নীৰজ চোপ্ৰাক আপোনালোকে দেখিছে। কিন্তু সেই জেভলিন হাতত লৈ যুঁজাৰু বেশত অন্য এখন দেশৰ সুৰক্ষাৰ বাবে যুঁজত অৱতীৰ্ণ হোৱা নীৰজ চোপ্ৰাক কেতিয়াবা দেখা পাইছে নেকি?
আচৰিত যেন লাগিলেও এয়াই সত্য। এইবাৰ যুঁজাৰুৰ ৰূপত সকলোৰে সমুখত দেখা দিছে শতকোটি ভাৰতীয়ৰ নয়নৰ মণি নীৰজ চোপ্ৰাই। তাকো নিজ দেশ ভাৰতৰ বাবে নহয়, বিশ্ববিখ্যাত গেৰিলা যুঁজাৰু চৰিত্ৰ ‘ব্লেক পেন্থাৰ’ৰ দেশ ‘ৱাকাণ্ডা’ৰ হৈ যুঁজত নামিছে নীৰজ।
দৰাচলতে হলীউডৰ জনপ্ৰিয় চুপাৰহিৰ’ চলচ্চিত্ৰৰ নিৰ্মাণকাৰী মাৰ্ভেল ষ্টুডিঅ’ই আজি ভাৰতৰ তাৰকা এথলীট গৰাকীয়ে অভিনয় কৰা এটা প্ৰচাৰমূলক ভিডিঅ’ মাৰ্ভেলৰ নিজা সামাজিক মাধ্যমৰ হেণ্ডেলত মুকলি কৰিছে।
এই ভিডিঅ’টোত গাঢ় এথলেটিক পোছাক পিন্ধা চোপ্ৰাক জেভলিন নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে। চোপ্ৰাৰ হাতৰ পৰা জেভলিন ওলাই যোৱাৰ পিছতে মাৰ্ভেলৰ আহিবলগীয়া চলচ্চিত্ৰ ‘ব্লেক পেন্থাৰ: ৱাকান্দা ফৰেভাৰ’ৰ দৃশ্যাংশ দেখুওৱা হয়।
চলচিত্ৰখনৰ এই বিশেষ প্ৰচাৰমূলক ভিডিঅ’টোৰ প্ৰসঙ্গত নীৰজ চোপ্ৰাই এক সাক্ষাৎকাৰত কয়, “ব্লেক পেন্থাৰ হৈছে এগৰাকী কিংবদন্তী যোদ্ধা, এগৰাকী নায়ক যি তেওঁৰ দেশ আৰু দেশৰ লোকসকলৰ বাবে যুঁজিবলৈ সৰ্বদা প্ৰস্তুত।”
ঠিক সেইদৰে এগৰাকী খেলুৱৈ হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ বাবেও আটাইতকৈ ডাঙৰ সুযোগ আৰু নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্নেৰে শেষলৈকে যুঁজ দিবলৈ প্ৰস্তুত বুলি চোপ্ৰাই লগতে মন্তব্য কৰে।
তেওঁ লগতে ব্লেক পেন্থাৰৰ অংশ হ’বলৈ পাই আনন্দিত বুলি উল্লেখ কৰি ব্লেক পেন্থাৰৰ দৰেই নিজেও সমগ্ৰ বিশ্বৰ লোকসকলক সপোন পূৰণৰ বাবে অনুপ্ৰাণিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।
লগতে মাৰ্ভেলৰ এগৰাকী অনুৰাগী হিচাপে আহিবলগীয়া এই চিনেমাখন চাবলৈ আৰু ৱাকাণ্ডাৰ নতুন যাত্ৰা উপভোগ কৰিবলৈ তেওঁ উৎকণ্ঠিত হৈ আছে বুলি চোপ্ৰাই মন্তব্য কৰে।
উল্লেখ্য যে, বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা মাৰ্ভেলৰ এক অন্যতম প্ৰধান চুপাৰহিৰ’ চৰিত্ৰ হৈছে ‘ব্লেক পেন্থাৰ’। এই মুখ্য চৰিত্ৰটোত ইমানদিনে অভিনয় কৰি অহা জনপ্ৰিয় অভিনেতা চাদউইক আৰন ব’ছমেনৰ ২০২০ বৰ্ষত মৃত্যু হৈছে।
ব’ছমেন অবিহনে ব্লেক পেন্থাৰৰ কাহিনী আৰু চৰিত্ৰই কেনে গতি লয়, সেয়া চোৱাৰ বাবে যথেষ্ট উৎকণ্ঠাৰে বাট চাইছে মাৰ্ভেল প্ৰেমীসকলে। চলচ্চিত্ৰখনে অহা ১১ নৱেম্বৰত মুক্তি লাভ কৰিব বুলি ইতিপূৰ্বে মাৰ্ভেল ষ্টুডিঅ’ই ঘোষণা কৰিছিল।