২২ অক্টোবৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প।
অহা ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ গুৱাহাটী মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প ৪৮ ঘণ্টা বন্ধ।
পেট্ৰ’ল পাম্পবোৰ ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ বন্ধ থাকিব।
নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যন(NEIPDA) ৰ বৃহত্তৰ গুৱাহাটী গোটে এই বন্ধৰ আহ্বান জনাইছে।
পেট্ৰ’লিয়াম বাণিজ্য সম্পৰ্কীয় কেইবাটাও বিষয় সংগঠনৰ দাবীৰ সৈতে আলোচনা কৰা হৈছিল।
সংগঠনটোৱে পেট্ৰ’লিয়াম ডিলাৰশ্বিপ ব্যৱসায় সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সৈতে সম্পৰ্কিত দাবীৰ ১০-দফীয়া কাৰ্যসূচী উত্থাপন কৰিছে।