• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শত্ৰু বাঢ়িছে! নেপালৰ ‘টকা’ত ভাৰতৰ অংশ, পুনৰ মানচিত্ৰক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2025 9:30 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ আৰু চীনৰ পিছত এইবাৰ নেপাল। এইবাৰ নেপালে নিজৰ মানচিত্ৰত ভাৰতৰ অংশ সামৰি লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। নেপালৰ কেন্দ্ৰীয় বেংকে বৃহস্পতিবাৰে প্ৰৱৰ্তন কৰে নতুন ১০০ টকীয়া নোট। এই নোটত নেপালৰ সংশোধিত মানচিত্ৰ আছে। বিতৰ্কিত কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চলকো এই মানচিত্ৰত সংযোজন কৰা হৈছে। ভাৰতে এই ঘটনাৰ প্ৰতিবাদ কৰিছে।

নেপাল ৰাষ্ট্ৰ বেংকে দেশত বিভিন্ন নোট প্ৰৱৰ্তন কৰিছে। ইয়াৰ ভিতৰত আছে ১০ টকা, ৫০ টকা, ৫০০ টকা আৰু ১ হাজাৰ টকীয়া নোট। অৱশ্যে ১০০ টকীয়া নোটখনতহে নেপালৰ মানচিত্ৰ আছে।

Apply Now

মানচিত্ৰ সন্দৰ্ভত বেংকৰ মুখপাত্ৰই কয় যে পুৰণি ১০০ টকীয়া নোটতো একেই মেপৰ ছবি আছে। লগতে তেওঁ কয় যে মানচিত্ৰৰ এই পৰিৱৰ্তন চৰকাৰৰ নিৰ্দেশত কৰা হৈছে। নেপাল ৰাষ্ট্ৰ বেংকৰ নতুন নোটত প্ৰাক্তন ৰাজ্যপাল মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰ আছে। অৰ্থাৎ বেংকে ২০২৪ চনক নোটখন প্ৰৱৰ্তনৰ সময় হিচাপে নিৰ্ধাৰণ কৰিছে।’

প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি নেতৃত্বাধীন চৰকাৰে দেশৰ মানচিত্ৰ আপডেট কৰে। ২০২০ চনৰ মে’ মাহত সংসদীয় অনুমোদনৰ জৰিয়তে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চলক নেপালৰ মানচিত্ৰত সংযোজন কৰা হয়।

ইতিমধ্যে ভাৰতে নেপালৰ মানচিত্ৰত এই পৰিৱৰ্তনৰ প্ৰতিবাদ কৰিছে। লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা অঞ্চলক বাৰে বাৰে ভাৰতৰ অংশ বুলি দাবী কৰা হৈছে।

এই ঘটনাক লৈ ভাৰতে ২০২০ চনত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। নেপালৰ সংশোধিত মানচিত্ৰক ভাৰতে ‘একপক্ষীয় কাৰ্য’ বুলি অভিহিত কৰিছিল। কাঠমাণ্ডুক ইয়াৰ বিৰুদ্ধে সকীয়াই দিয়া হৈছিল।

ভাৰতে দাবী কৰিছে যে এই ঘটনা আচলতে দেশৰ সীমান্ত বলপূৰ্বকভাৱে সলনি কৰাৰ প্ৰয়াস। ভাৰতৰ সৈতে নেপালৰ ১৮৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে। ভাৰতৰ পাঁচখন ৰাজ্য ক্ৰমে ছিকিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সৈতে নেপালৰ সীমা আছে।

নেপালৰ নতুন ১০০ টকীয়া নোটখনৰ বাওঁফালে মাউণ্ট এভাৰেষ্টৰ ছবি আছে। সোঁফালে নেপালৰ জাতীয় ফুল ৰ’ড’ডেণ্ড্ৰনৰ জলচিহ্ন। নেপালৰ মানচিত্ৰখন নোটখনৰ মাজত পাতল সেউজীয়া ৰঙেৰে অংকন কৰা হৈছে। তদুপৰি, নোটখনত গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী আৰু অশোক স্তম্ভৰ ছবিও আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd