• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপালৰ ‘Gen Z’ য়ে গঠন কৰিলে নতুন ৰাজনৈতিক দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2025 4:18 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক ক্ষেত্ৰত খুজ পেলেইছে নেপালৰ ‘জেন-জি‘ (Gen Z)য়ে। শনিবাৰে নেপালৰ যুৱ সমাজে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা কৰিছে। যদিও নেপালত ‘জেন-জি‘য়ে ৰাজনৈতিক দল গঠন কৰিছে। ২০২৬ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ‘বলগীয়া নেপালৰ সাধাৰণ নিৰ্বাচনত দলটোৱে অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও নিশ্চিত নহয়। যুৱসমাজৰ এই ঘোষণাই দেশখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে নেপালৰ ‘জেন-জি‘ আন্দোলন ইতিমধ্যে বিশ্বব্যাপী দৃষ্টি আকৰ্ষণ কৰিছে। যোৱা মাহত চৰকাৰী নিষেধাজ্ঞাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ জৰিয়তে নেপালৰ যুৱসমাজে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। ফলত কে পি শৰ্মা অলি নেতৃত্বাধীন চৰকাৰ ভংগ হোৱাৰ পিছত নেপালৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ পৰিছিল। এতিয়া সেই আন্দোলনৰ নেতৃত্ব দিয়া গোটে ৰাজনৈতিক দল গঠনৰ দিশে আগবাঢ়িছে।

Apply Now

‘জেন-জি‘ আন্দোলনৰ অন্যতম নেতা মিৰাজ ধুংগনাৰ নেতৃত্বত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰে। যৱনেতাগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে নতুন দলটোৱে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নাই সেয়া সম্পূৰ্ণৰূপে তৃণমূল পৰ্যায়ৰ দাবীসমূহ পূৰণ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ কয়, “যদি আমাৰ দাবীসমূহৰ সমাধান নহয়, তেন্তে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।” এই দল গঠনৰ মূল উদ্দেশ্য হৈছে নেপালৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা আৰু যুৱ কণ্ঠ ৰাজনৈতিক মঞ্চত প্ৰতিষ্ঠা কৰা।

 নৱগঠিত দলটোৱে মূলত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কাৰ্যবাহী ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যাতে দেশৰ শাসন ব্যৱস্থাত স্বচ্ছতা আৰু জনগণৰ প্ৰতক্ষ্য অংশগ্ৰহণ নিশ্চিত কৰা। আৰু বিদেশত বাসকাৰী নেপালী নাগৰিকক ভোটাধিকাৰ প্ৰদান কৰা।

ইয়াৰোপৰি যুৱনেতাগৰাকীয়ে সংবাদমেলত, দুৰ্নীতি নিয়ন্ত্ৰণৰ বাবে নাগৰিক নেতৃত্বাধীন তদন্ত সমিতি গঠনৰ পোষকতা কৰে আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত স্পষ্ট নীতি গ্ৰহণৰ ওপৰত জোৰ দিয়ে। তেওঁ আৰু কয়, “আমি সুশাসন প্ৰসাৰ, স্বচ্ছতা আৰু দুৰ্নীতি নিৰীক্ষণৰ দৰে বিষয়সমূহৰ বাবে যুঁজি যাম। জাতি গঠনৰ কামত সকলো পক্ষৰ পৰা সামূহিক দায়বদ্ধতা আৰু সহযোগিতাৰ প্ৰয়োজন।”

তেওঁলোকে নেপালৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতিও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিদেশলৈ কৰ্মসংস্থাপনৰ সন্ধানত যোৱা যুৱক-যুৱতীসকলৰ সংখ্যা ক্ৰমে বৃদ্ধি পোৱাৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়ন স্থবিৰ হৈ পৰা বুলি ধুংগনাই উল্লেখ কৰে। তেওঁ কয়, “বিগত চৰকাৰসমূহক এই জৰুৰী সমস্যাৰ বাবে দায়বদ্ধ কৰা উচিত। ঘৰুৱা উৎপাদন বৃদ্ধিৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব লাগিব। আৰু আমক দুখন অতি জনবহুল চুবুৰীয়া দেশে মাজত আৱৰি আছে, যাৰ মুঠ জনসংখ্যা ৩ বিলিয়ন এই বিশাল বজাৰক লক্ষ্য কৰি আমাৰ উৎপাদন বৃদ্ধি কৰাটো অতি জৰুৰী বুলি মত প্ৰকাশ কৰে।

লগতে, অনতিপলমে বন্ধ উদ্যোগসমূহ মুকলি কৰি নতুন নিযুক্তি সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অন্তৰ্বৰ্তীকালীন চৰকাৰক আহ্বান জনাইছে। পৰ্যটন খণ্ডৰ বিকাশ আৰু প্ৰসাৰতো তেওঁলোকে গুৰুত্ব দিছে, যিয়ে দেশৰ অৰ্থনীতিক বৃহৎ সুবিধা প্ৰদান কৰিব পাৰে।

অৱশ্যে এতিয়ালৈ নতুন দলটোৰ নাম নিৰ্ধাৰণ হোৱা নাই। এই সন্দৰ্ভত ধুংগনাই জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে আৰু শীঘ্ৰ এই বিষয়ে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে। এই নতুন উদ্যোগে নেপালৰ যুৱ প্ৰজন্মৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে, যিয়ে দুৰ্নীতি, অৰ্থনৈতিক স্থবিৰতা আৰু গণতান্ত্ৰিক সংস্কাৰৰ বাবে সংগ্ৰাম কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm
জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

July 31, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd