• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীত উত্তৰ-পূব ছাত্ৰ সংগঠনৰ প্ৰবল প্ৰতিবাদ

মুকুট দাস by মুকুট দাস
November 20, 2018 8:47 pm
NESO protest at Guwahati Club on November 20

গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ'ৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ছাত্ৰ সংগঠনসমূহৰ সন্মিলিত ছাত্ৰ সংগঠন উত্তৰ-পূব ছাত্ৰ সংগঠন (নেছ)এ মঙলবাৰে গুৱাহাটীত কেন্দ্ৰই গৃহীত কৰিবলৈ বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

সংগঠনটোৰ নেতাসকলে লগতে বিধেয়কখন বাতিল নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি কয়।

Apply Now

নেছ’ৰ সাধাৰণ সম্পাদক চিনাম প্ৰকাশে নৰ্থইষ্ট নাওৰ আগত কয়, ‘’ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই বিধেয়কখনৰ বিৰোধিতা কৰিছে। আমি সকলোৱে জানো যে উত্তৰ-পূৰ্বাঞ্চল অবৈধ অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিছে। আমি এটা বাৰ্তা দিব খুজিছো যে উত্তৰ-পূৰ্বাঞ্চল বিদেশীৰ চৰণীয়া পথাৰ নহয়।‘’

কেন্দ্ৰৰ বিজেপি চৰকাৰক সমালোচনা কৰি প্ৰকাশে কয়, ‘’ এইটো স্প,্ট যে বিজেপিয়ে দুমুখীয়া নীতি গ্ৰহণ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এপিনে কৈছে এন আৰ চি হৈছে অসম চুক্তিৰ আত্মা আৰু আনহাতে ই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰূপায়ন কৰিব বিচাৰিছে। আমি বিজেপিৰ দুমুখীয়া নীতি সহ্য নকৰো। আমি অবৈধ বিদেশীৰ বোজা ল’ব নোৱাৰো।‘’

‘’ৰাজপথত শ্ল’গান দি চিঞৰাটো অৰ্থহীন’’ বুলি দিয়া বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ বিবৃতিক সমালোচনা কৰি প্ৰকাশে কয় যে ‘’ তেওঁৰ পৰা এনেধৰণৰ কথা শুনিবলগীয়া হোৱাটো লজ্জাজনক। ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল বিজেপিৰ অবৈধ অনুপ্ৰৱেশকাৰীক আমন্ত্ৰণ কৰাৰ ষড়যন্ত্ৰৰ বাবে সংকটত পৰিছে। সেয়েহে জাতিৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে।‘’

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অভিযোগ কৰে যে যুটীয়া সংসদীয়া সমিতিৰ শুনানি আছিল অসম্পূৰ্ণ। ভট্টাচাৰ্যই প্ৰশ্ন কৰে, ‘’ শুনানি সম্পূৰ্ণ নোহোৱাকৈ কেনেকৈ এখন বিধেয়ক গৃহীত হ’ব পাৰে?’’

ভট্টাচাৰ্যই লগতে অভিযোগ কৰি কয়, ‘’ কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলত শান্তি-সম্প্ৰীতি বৰ্তি থকাটো নিবিচাৰ। ই নাগৰিকত্ব সংশোধনী বিধেয়ক আনি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব খোজে। আমাৰ ওপৰত বিধেয়কখন জাপি নিদিব।‘’

‘’ আমি কেন্দ্ৰৰ লগতে অসম চৰকাৰকো বিধেয়কখন সন্দৰ্ভত আকৌ এবাৰ সকীয়াই দিব বিচাৰিছো। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণৱালৰ নীৰৱতাই কাম নিদিয়ে। তেওঁ তেওঁৰ নীৰৱতা ভংগ কৰিব লাগে,’’-ভট্টাচাৰ্যই কয়।

ভট্টাচাৰ্যই লগতে কয় যে ছাত্ৰ সংগঠনটোৱে বিধেয়কখনৰ উপৰি পাৰ্ছপ’ৰ্ট এন্ট্ৰি ইন টু ইণ্ডিয়া ২০১৫’, ফৰেইনাৰছ এমেণ্ডমেন্ট বিল আৰু দীৰ্গকালী ভিছাৰো বিৰোধিতা কৰে।

উপদেষ্টা ভট্টাচাৰ্যই লগতে জানিবলৈ দিয়ে যে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনটোৱে বিধেয়কখন বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজধানী চহৰসমূহত প্ৰতিবাদ সাৱ্যস্ত কৰিব।

আজি গুৱাহাটী ক্লাৱত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰসকলে সমবেত হৈ বিধেয়কখন বাতিলৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

 

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd