কাইলৈ ছবিঘৰলৈ আহি আছে ‘বৰনদী ভটিয়ায়’

কাইলৈ অৰ্থাৎ ৩ মে’ত সমগ্ৰ ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব বহু চৰ্চিত ছবি ‘বৰনদী ভটিয়ায়’।

মাজুলীৰ জীৱন গাথাঁক পটভূমি হিচাপে লৈ নাট্যগোষ্ঠী ‘ভাৱৰীয়া-দ্যা টি পজিটিভ’ ৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা অনুপম কৌশিক বৰাৰ।

উল্লেখযোগ্য যে চলচ্চিত্ৰখনে ইতিমধ্যে মুম্বাইত অনুষ্ঠিত ‘Jio MAMI Film Festival, 2018’ আৰু গুৱাহাটীৰ ‘Brahmaputra Valley Film Festival, 2018’ ত দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাই সংগীত পৰিচালনা কৰা ছবিখনত দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে ৷ সম্পাদনা ৰন্টু চেতিয়াৰ ৷ শব্দ অভিকল্পক দেৱজিত গায়ন। ‘বৰনদী ভটিয়ায়”ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ডৰথী ভৰদ্বাজ, কেনী দেউৰী বসুমতাৰী, অনুপম কৌশিক বৰা, মণিষা ভুঁঞা, হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰুৱাকে ধৰি প্ৰায় ১৩০ জন অভিনেতা-অভিনেত্ৰীয়ে ৷

চলচ্চিত্ৰখনে ছবিঘৰত দৰ্শক ৰাইজৰ পৰা আশানুৰুপ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি ছবিখনৰ পৰিচালক, কলা-কুশলীৰ লগতে মাজুলীবাসী ৰাইজ অত্যন্ত আশাবাদী।