বছৰত ২ বাৰ বেজী ল’লেই পৰিত্ৰাণ! এইচ আই ভি চিকিৎসাৰ দিশত নতুন পোহৰ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

এইচ আই ভি সংক্ৰমণ ৰোধ কৰিবলৈ বছৰত ২ বাৰ বেজী ল’লেই হ’ব! গৱেষকসকলে দাবী কৰা মতে ক্লিনিকেল ট্ৰায়েলত সফলতা পোৱা গৈছে। দক্ষিণ আফ্ৰিকা আৰু উগাণ্ডাত ক্লিনিকেল ট্ৰায়েল চলোৱা হৈছিল। এই অধ্যয়নৰ ফলাফল আশাব্যঞ্জক বুলি কোৱা হৈছে।

ক্লিনিকেল ট্ৰায়েলৰ সফলতাৰ দাবীৰ তদন্ত আৰম্ভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যদি গৱেষকসকলৰ দাবী শুদ্ধ হয়, তেন্তে এই বিশেষ বেজীটোক বিশ্বজুৰি এইচ আই ভি চিকিৎসাত ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হ’ব পাৰে।

কিন্তু বিশেষজ্ঞসকলে কয় যে তাৰ আগতে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে। যদি গৱেষণাই ১০০ শতাংশ সফলতা প্ৰমাণ কৰে তেতিয়াহে এই বেজীটো বিশ্বজুৰি ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিব পাৰে।

লগতে পঢ়কঃ আজি অসমলৈ ৰাহুল গান্ধী, ভ্ৰমণ কৰিব মণিপুৰো; বান আৰু হিংসা ক্ষতিগ্ৰস্ত লোকক কৰিব সাক্ষাৎ

নতুন অধ্যয়নটোৱে কি দাবী কৰিছে? দক্ষিণ আফ্ৰিকাৰ গৱেষক লিণ্ডা-গেল বেকাৰৰ মতে, বছৰত দুবাৰকৈ প্ৰি-এক্সপ’জাৰ প্ৰফিলেক্সিছ ঔষধৰ বেজী দিলে যুৱতীসকলে এইচ আই ভি সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত হ’ব পাৰে। এই ক্লিনিকেল ট্ৰায়েলত প্ৰতি ৬ মাহৰ মূৰত লোৱা লেনাকাপাভিৰৰ বেজী আন যিকোনো ঔষধতকৈ অধিক সুৰক্ষামূলক পোৱা গৈছে।

টেবলেটতকৈ বেজী বেছি ফলপ্ৰসূ। এতিয়ালৈকে এইচ আই ভিৰ চিকিৎসাৰ বাবে ৩টা প্ৰি-এক্সপ’জাৰ প্ৰফিলেক্সিছ ঔষধৰ অনুমোদন পোৱা গৈছে। বেজীৰ লগতে ২ টা টেবলেট অনুমোদিত। কিন্তু গৱেষকসকলে দাবী কৰিছে যে বেজীটোৱে টেবলেটতকৈ বহু বেছি ভাল কাম কৰে।

লগতে পঢ়কঃ দ্বিতীয়খন মেচতেই ৰাজকীয় প্ৰত্যাৱৰ্তন টিম ইণ্ডিয়াৰ; জিম্বাবুৱেই দেখিলে চকুৰে সৰিয়হ ফুল

উল্লেখ্য যে যদিও এইচ আই ভি সংক্ৰমণ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, তথাপিও ই আফ্ৰিকাত আটাইতকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই কাৰণেই ক্লিনিকেল ট্ৰায়েলৰ বাবে আফ্ৰিকাক নিৰ্বাচিত কৰা হৈছিল। উগাণ্ডাৰ ৩টা আৰু দক্ষিণ আফ্ৰিকাৰ ২৫টা স্থানত ক্লিনিকেল ট্ৰায়েল কৰা হৈছে। এই ট্ৰায়েলত ৫ হাজাৰ লোকে যোগদান কৰে। তেওঁলোকৰ শৰীৰত লেনাকাপাভিৰ বেজী প্ৰয়োগ কৰা হৈছে। গৱেষকসকলে দাবী কৰিছে যে ৬ মাহৰ মূৰত এই বেজীৰ দ্বাৰা তেওঁলোক সুস্থ হৈ আছে।