NORTHEAST NOW (Assamese)

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 6, 2026 4:40 pm

গুৱাহাটী মহানগৰীৰ উদ্যান আৰু ৰাজহুৱা স্থানসমূহৰ বাবে অসম চৰকাৰে ঘোষণা কৰা সংশোধিত প্ৰৱেশ মাচুলৰ নিয়ম আজি ৫ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে। ইয়াৰ ফলত মহানগৰীৰ উদ্যানসমূহলৈ অহা দৰ্শনাৰ্থীসকলে এতিয়াৰে পৰা অধিক প্ৰৱেশ মাচুল ভৰিব লাগিব।

আটাইতকৈ চৰ্চিত বিষয়টো হৈছে উজানবজাৰত থকা সতী ৰাধিকা শান্তি উদ্যান চমুকৈ ৰিভাৰফ্ৰণ্ট পাৰ্কৰ প্ৰৱেশ মাচুল এতিয়াৰে পৰা প্ৰতিজন ব্যক্তিৰ বাবে ৬০ টকা কৰা হৈছে। আজিৰে পৰা এই উদ্যানলৈ অহা লোকসকলে ৬০ টকা পৰিশোধ কৰিব লাগিব, যিটো পূৰ্বৰ তুলনাত যথেষ্ট বেছি।

এই নতুন নিয়ম অনুসৰি মহানগৰীৰ বিভিন্ন উদ্যানৰ বাবে বেলেগ বেলেগ মাচুল নিৰ্ধাৰণ কৰা হৈছে। যোৰপুখুৰী পাৰ্ক আৰু গান্ধী মণ্ডপত প্ৰৱেশ মাচুল ২০ টকা কৰা হৈছে। অমৃত উদ্যান, অটল উদ্যান আৰু শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা ৩০ টকা দিব লাগিব। আনহাতে নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা কৰা হৈছে। সতী ৰাধিকা শান্তি উদ্যানৰ লগতে বটানিকেল গাৰ্ডেন আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত আটাইতকেই বেছি অৰ্থাৎ ৬০ টকা মাচুল ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি ৰিভাৰ হেৰিটেজ চেণ্টাৰত প্ৰৱেশৰ বাবে ১৫০ টকা আৰু গুৱাহাটী ৰোপৱে’ৰ বাবে ২৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।

প্ৰশাসনে জনোৱা মতে উদ্যানসমূহৰ ৰক্ষণাবেক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সা-সুবিধাসমূহ উন্নত কৰাৰ উদ্দেশ্যেৰে এই মাচুল বৃদ্ধি কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। কিছুসংখ্যক লোকে ইমান এই মাচুল বৃদ্ধিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছেআনহাতে একাংশই এই সিদ্ধান্তক সমৰ্থন কৰি কৈছে যে উদ্যানসমূহ সুন্দৰকৈ চলাই ৰাখিবলৈ, সুৰক্ষা আৰু লাইটৰ ব্যৱস্থা কৰিবলৈ ধনৰ প্ৰয়োজন। ইয়াৰ উপৰি অধিক মাচুল হ’লে উদ্যানসমূহত অযথা ভিৰ আৰু সম্পত্তি নষ্ট কৰা কাৰ্য নিয়ন্ত্ৰণ হ’ব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

অৱশ্যে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই পুৱাৰ ভ্ৰমণকাৰীসকলৰ বাবে এক সকাহ দিছে। পুৱা ৬ বজাৰ পৰা ১০ বজাৰ ভিতৰত উদ্যানলৈ অহা লোকসকলে কোনো ধৰণৰ মাচুল নিদিয়াকৈ সোমাব পাৰিব। ইয়াৰ উপৰি ৯ বছৰৰ তলৰ শিশু, ৭৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিসকলক এই প্ৰৱেশ মাচুলৰ পৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে।

Related News