• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্প-ক্লিণ্টন-বিল গেটছৰ সৈতে যৌন অপৰাধী এপষ্টেইন! নতুন ছবিক কেন্দ্ৰ কৰি তোলপাৰ আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 7:57 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ নাম ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে জড়িত হৈ পৰিছিল। এসময়ত তেওঁলোক ঘনিষ্ঠ আছিল বুলিও দাবী কৰা হৈছে। পাছলৈ আৰু বহুতো নাম চৰ্চালৈ আহিছে।

এইবাৰ এপষ্টেইন এষ্টেটৰ পৰা হাউছ অভাৰচাইট কমিটিয়ে প্ৰকাশ কৰা কিছুমান নতুন ছবিত ডেম’ক্ৰেটসকলৰ লগতে ট্ৰাম্প, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক কোটিপতি বিল গেটছ আৰু ট্ৰাম্পে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত হোৱাইট হাউছৰ মুখ্য কৌশলবিদ হিচাপে কাম কৰা ষ্টিভ বেননক আন বহুতৰ সৈতে দেখা গৈছে।

Apply Now

ইয়াৰে বহুতৰে সৈতে এপষ্টেইনৰ সম্পৰ্ক ইতিমধ্যে জানিব পৰা গৈছে। ধাৰণা কৰা হয় যে এই নতুন ১৯খন ছবিৰ পৰা আৰু বহু তথ্য জানিব পৰা যাব। কিন্তু যিটো জানিব পৰা গৈছে সেয়া হ’ল এই ছবিবোৰৰ পৰা এই লোকসকলে কোনো ধৰণৰ অবৈধ কাম কৰা দেখা যোৱা নাই। সকলো ছবি কোনোবা নহয় কোনোবা এটা অনুষ্ঠানৰ। বিশ্লেষকসকলৰ এটা অংশই দাবী কৰে যে কোনো অনুষ্ঠানলৈ যোৱাৰ অৰ্থ এইটো নহয় যে সেই লোকসকলে কোনো অবৈধ কাম কৰিছে।

এই ছবিবোৰৰ ভিতৰত এখন ক’লা-বগা (ব্লেক এণ্ড হোৱাইট) ছবিয়ে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। তাত  ট্ৰাম্প আছে। বহুকেইগৰাকী মহিলাৰ লগত থিয় হৈ আছে। যদিও মহিলাসকলৰ মুখকেইখন ক’লা ৰঙেৰে ঢাকি ৰখা হৈছে। আন এখন ছবিত তেওঁক এপষ্টেইনৰ কাষত এটা অনুষ্ঠানত থিয় হৈ কথা পাতি থকা দেখা গৈছে। এই ক্ষেত্ৰত মহিলাগৰাকীৰ মুখখন ঢাকি ৰখা হৈছে।

যোৱা ৯ ছেপ্টেম্বৰত আমেৰিকাৰ হাউছ অভাৰচাইট কমিটীৰ ডেম’ক্ৰেটসকলে জেফ্ৰি এপষ্টেইনলৈ লিখা এখন যৌন সম্পৰ্কীয় পত্ৰ প্ৰকাশ কৰিছিল, য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ আছিল। অৱশ্যে ট্ৰাম্পে এই চিঠি লিখাৰ কথা অস্বীকাৰ কৰে। আনকি তেওঁ প্ৰথমে চিঠিখন প্ৰকাশ কৰা ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ বিৰুদ্ধে ১০ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণৰ বাবে গোচৰ তৰে।

ৱাল ষ্ট্ৰীটে প্ৰকাশ কৰা প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০০৩ চনত এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনত বহুতে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰ ভিতৰত ট্ৰাম্পও আছিল। তেওঁ পঠোৱা চিঠিখনত এগৰাকী নগ্ন নাৰীৰ ছবি আছিল।

এপষ্টেইন আছিল এজন বিতৰ্কিত ব্যক্তি। কমেও ৪০ গৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ধৰ্ষণ আৰু নাবালিকা সৰবৰাহৰ অভিযোগত অভিযুক্ত এপষ্টেইনক দোষী সাব্যস্ত হ’লে ৪৫ বছৰৰ কাৰাদণ্ড হ’লেহেঁতেন। তাৰ আগতেই তেওঁ আত্মহত্যা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd